নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ ডিপৰাৰ তীৰ্থ নেপালৰ সফলতাঃ চীনত যোগ প্ৰশিক্ষক হিচাপে সুনাম অৰ্জন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ যোগ শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ভাৰতৰ এক সুকীয়া পৰিচয় আছে।এই ক্ষেত্ৰত সম্প্ৰতি আমাৰ ৰাজ্য খনো পিছ পৰি থকা নাই। অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ বহিঃৰাষ্ট্ৰ চীনত যোগ প্ৰশিক্ষক হিচাপে কৰ্ম সম্পাদন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে এগৰাকী যুৱকে। চীনৰ এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে কৰ্ম সম্পাদন কৰাৰ সুযোগ লাভ কৰা যুৱক গৰাকী হৈছে তীৰ্থ নেপাল। গহপুৰৰ যুৱক গৰাকীৰ এই সফলতাই  সকলোকে গৌৰৱাম্বিত কৰিছে। গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপৰা অঞ্চলৰ নিৱাসী কেশৱ নেপালৰ পুত্ৰ তীৰ্থই ২০১৬ চনৰে পৰা চীনৰ চুজুকু নামৰ ঠাইত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছে। উল্লেখ্য যে ২০১৪ চনতে চীনলৈ যাত্ৰা কৰা তীৰ্থই প্ৰথম অৱস্থাত চীনা ভাষা আয়ত্ব কৰিবলৈ বহু সময় অতিবাহিত কৰিব লগা হৈছিল। চীনা ভাষা আয়ত্ব কৰাৰ পাছত ২০১৬ চনৰে পৰা প্ৰথমতে সহকাৰী প্ৰশিক্ষক হিচাপে কৰ্ম কৰাৰ পিছত পৰৱৰ্তী সময়ত মুখ্য প্ৰশিক্ষক হিচাপে যোগদানৰ সুযোগ লাভ কৰে। বছৰটোৰ অধিকাংশ সময় চীনতে অতিবাহিত কৰা তীৰ্থই প্ৰতিবছৰে দুৰ্গা পূজাৰ সময়ত গহপুৰৰ ডিপৰাস্থিত পিতৃগৃহলৈ আহে। চীনৰ চুজুকুত যোগ প্ৰশিক্ষক হিচাপে ব্যাপক সফলতা লাভ কৰা তীৰ্থই নিজ কৰ্মক লৈ অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে। বহিঃৰাষ্ট্ৰ চীনত সুদক্ষ যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত তীৰ্থ নেপালৰ এনে সফলতাত গহপুৰবাসীয়ে আনন্দ প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰতিভাধৰ যুৱক তীৰ্থ নেপালে ভৱিষ্যতে মাতৃভূমিলৈ ঘূৰি আহি যোগ শিক্ষাৰ অত্যাধুনিক সা-সুবিধাযুক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ আশা মনত পুহি ৰাখিছে।
You might also like