নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ পৰা হ’ব ৰঞ্জি ট্রফী ক্রিকেট

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা বছৰ বাতিল হোৱা ৰঞ্জি ট্রফী এইবাৰ ডিচেম্বৰ মাহৰ পৰা আয়োজনৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ শুকুৰবাৰে অনুষ্ঠিত এপেক্স কাউন্সিলৰ বৈঠকত ব’র্ডে ২০২১–২২ ঘৰুৱা ছিজনৰ ৰূপৰেখা তৈয়াৰ কৰে৷ এই অনুসৰি ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰ জৰিয়তে এইবাৰৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব৷ ইয়াৰ পিছতে ক্রমে নৱেম্বৰত বিজয় হাজাৰে এদিনীয়া ট্রফী আৰু ডিচেম্বৰৰ পৰা ২০২২ৰ মার্চলৈ ৰঞ্জি ট্রফী আয়োজনৰ চিন্তা–চর্চা কৰা হৈছে৷ যোৱাবাৰৰ দৰে এইবাৰো অনুষ্ঠিত নহ’ব দুলীপ ট্রফী, দেওধৰ ট্রফী আৰু ইৰানী কাপ৷ উল্লেখ্য যে ২০২০–২১ৰ ঘৰুৱা ছিজনতো বি চি চি আয়ে মুস্তাক আলী টি–২০ আৰু বিজয় হাজাৰে এদিনীয়া ট্রফীহে আয়োজন কৰিব পাৰিছে৷

সুদীর্ঘ ৮৭ বছৰৰ মূৰত দেশৰ আগশাৰীৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী বাতিল হয়৷ ইফালে, অহা বর্ষৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে অক্টোবৰত ভিনু মানকাড এদিনীয়া ট্রফী, নৱেম্বৰত ১৯ বছৰ অনূর্ধ্ব এদিনীয়া চেলেঞ্জাৰ ট্রফী আৰু ডিচেম্বৰ–জানুৱাৰীত কোচবিহাৰ ট্রফী আয়োজনৰ পৰিকল্পনা যুগুত কৰিছে৷

You might also like