আইপিএলৰ নিলামত ধামাকা দিয়াৰ সুযোগ আৰচিবিৰ
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ ২০২৪ চনৰ আই পি এল নিলামৰ বাবে সাজু ডুবাই। আচলতে প্ৰথমবাৰৰ বাবে ডুবাইত আয়োজন কৰা হ’ব আই পি এলৰ নিলাম। এই নিলাম ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। আই পি এলৰ নিলামৰ বাবে সাজু হৈছে দলসমূহ। একে সময়তে এই নিলামৰ বাবে মুঠ ৩৩৩গৰাকী খেলুৱৈৰ নাম চূড়ান্ত কৰা হৈছিল। য’ত ২১৪ জন ভাৰতীয় খেলুৱৈ থাকিব, ইয়াৰ বাহিৰেও নিলামত মুঠ ১১৯জন বিদেশী খেলুৱৈ থাকিব। আনহাতে, জমাধনৰ কথা ক’লে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সৰ্বোচ্চ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ৪০.৭৫ কোটি টকাৰ জমাধন লৈ নিলামত নামিব। ইয়াৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত আছে ৩৪ কোটি টকা। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে ৩২.৭ কোটি টকাৰ জমাধন লৈ নিলামত প্ৰৱেশ কৰিব। চেন্নাই ছুপাৰ কিংছ, পঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পাৰ্চ বাকী আছে ক্ৰমে ৩১.৪ কোটি, ২৯.১ কোটি, ২৮.৯৫ কোটি আৰু ১৫.২৫ কোটি টকা। ইয়াৰ উপৰি ৰাজস্থান ৰয়েলছৰ ১৪.৫ কোটি টকা আছে। আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছৰ ক্ৰমে ১৩.৯ কোটি আৰু ১৩.৮৫ কোটি টকা। ইয়াৰ পূৰ্বে শেহতীয়াকৈ আই পি এলৰ দলসমূহে নিজৰ নিজৰ ৰিটেইনড আৰু ৰিলিজড খেলুৱৈৰ চূড়ান্ত তালিকা বি চি চি আইক দাখিল কৰিছিল। য’ত দলসমূহে বহু ডাঙৰ নাম মুকলি কৰিছিল। এই মুক্তিপ্ৰাপ্ত খেলুৱৈসকলক নিলামত দেখা যাব।
#বাৰ্তা ডেস্ক