আইপিএলৰ ফাইনেলত RCB-PBKS , ফুলিব কাৰ ভাগ্য
সুদীৰ্ঘ ১৮টা বছৰৰ অন্তত এইবাৰ ক্ৰিকেট অনুৰাগীয়ে পাব এটা নতুন চেম্পিয়ন দল
আইপিএলৰ ফাইনেলত RCB-PBKS , ফুলিব কাৰ ভাগ্য
নিউজ ডেস্ক, ১ জুন : আইপিএলৰ হবলৈ গৈ আছে এক নতুন ইতিহাস। সুদীৰ্ঘ ১৮টা বছৰৰ অন্তত এইবাৰ ক্ৰিকেট অনুৰাগীয়ে পাব এটা নতুন চেম্পিয়ন দল। কিয়নো চলিত আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে দুই ট্ৰফী নিজিকা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ।
কালি নিশা অনুষ্ঠিত দ্বিতীয়খন হাইস্কৰিং কোৱালিফায়াৰত মুম্বাইক পঞ্জাবে পৰাস্ত কৰাৰ লগে লগে পঞ্জাবে আৰচিবিৰ সৈতে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।
কালিৰ মেচখনত মুম্বাইয়ে প্ৰথমে বেট ধৰি ২০৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে মুম্বাইয়ে। প্ৰত্যুত্তৰত পঞ্জাবে ১৯ অভাৰতে ২০৭ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়।
মুম্বাইৰ হৈ বেয়াৰষ্টোৱে ৩৮, তিলকে ৪৪, সূৰ্যকুমাৰে ৪৪ আৰু নমনে ৩৭ ৰান কৰে। আনহাতে পঞ্জাবৰ হৈ মাৰমুখী ৮৭ ৰান কৰে শ্ৰেয়াছে। লগতে ইংলিছে ৩৮, নেহালে ৪৮ ৰানৰ বৰঙনি যোগায়।
উল্লেখ্য ফাইনেলিষ্ট দল দুটা প্ৰথম কোৱালিফায়াৰ মুখামুখি হৈছিল যদিও শোচনীয় বেটিং প্ৰদৰ্শনেৰে পঞ্জাবে পৰাজিত হৈছিল। আনহাতে এলিমিনেটৰত গুজৰাটৰে বিজয়ী হৈ মুম্বায়ে প্ৰথম কোৱালিফায়াৰ পৰাস্ত পঞ্জাবৰে দ্বিতীয় কোৱালিফায়াৰ খেলাৰ যোগ্যতা অৰ্জন কিৰিছল।
উল্লেখ্য যে আইপিএলৰ ইতিহাসত চেন্নায়ে ৫টা, মুম্বাইয়ে ৫টা, কলকাতাই ৩টা, ৰাজস্থান-হায়দৰাবাদ-ডেক্কান চাৰ্জাৰ্ছ-গুজৰাটে এটাকৈ ট্ৰফী লাভ কৰিছে।