নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদলৈ ট্রফীৰ নতুন চেম্পিয়ন দিল্লী এফ চি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দ্বিতীয়বাৰৰ বাবে ফাইনেল খেলি বৰদলৈ ট্রফীৰ খিতাপ অর্জনত ব্যর্থ হ’ল নাগালেণ্ড পুলিচ৷ ইয়াৰ বিপৰীতে প্রথমবাৰৰ বাবে ফাইনেলত প্রতিদ্বন্দ্বিতা কৰি ৬৮ বছৰীয়া ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনৰ খিতাপ বিজয়ীৰ তালিকাত নিজৰ নাম খোদিত কৰে দিল্লী এফ চি দলে৷ স্থানীয় নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ উত্তেজনাপূর্ণ ফাইনেলত দিল্লী এফ চিৰ হাতত একমাত্র গ’লৰ ব্যৱধানত পৰাজিত হয় নাগালেণ্ড পুলিচ দলটো৷ দ্বিতীয়ার্ধৰ ২৫ মিনিটত বিজয়সূচক গ’লটো দিয়ে দিল্লী দলৰ জাপানী ফুটবলাৰ কছুকে য়ামাজাকিয়ে৷

উল্লেখ্য যে খেলখনৰ প্রথমার্ধ তুলনামূলকভাৱে নিস্তেজ আছিল৷ দিল্লী এফ চিৰ ষ্ট্রাইকাৰসকলে নাগালেণ্ড পুলিচৰ ৰক্ষণ বিভাগত উপর্যুপৰি আক্রমণ চলালেও গ’ল দিয়াত ব্যর্থ হয়৷ নাগালেণ্ড পুলিচে লাভ কৰা দুটাকৈ ফ্রি কিক আৰু দিল্লী দলে লাভ কৰা এটা ফ্রি কিক গ’ললৈ কার্যকৰী কৰাত ব্যর্থ হয়৷ ফলত খেলখনৰ প্রথমার্ধ গ’ল শূন্যভাৱে সমাপ্ত হয়৷ দ্বিতীয়ার্ধতো দিল্লী এফ চিৰ খেলুৱৈসকলে আক্রমণৰ চোক অব্যাহত ৰখাত নাগালেণ্ড পুলিচে ৰক্ষণাত্মক খেল খেলিবলগীয়া হয়৷ ইয়াৰ মাজতে ৰক্ষণ বিভাগৰ ভুল বুজাবুজিৰ সুযোগ লৈ মেচখনৰ একমাত্র গ’লটো কার্যকৰী কৰে জাপানী খেলুৱৈ কছুকে৷ গ’ল পৰিশোধৰ বাবে নাগালেণ্ড পুলিচে আক্রমণ বৃদ্ধি কৰিলেও গ’ল দিবলৈ সক্ষম নহ’ল৷ ফলস্বৰূপে ২০০৯ চনত বিদ্যুৎ পৰিষদৰ বিপক্ষে পৰাজিত হৈ ৰানার্ছ আপতে সন্তুষ্ট থকা নাগালেণ্ড পুলিচে ১৩ বছৰ পিছত প্রতিযোগিতাখনৰ খিতাপ জয়ৰ দুৱাৰডলিত উপনীত হৈও পুনৰ থমকি ৰ’বলগীয়া হয়৷

উল্লেখ্য যে খেল শেষ হ’বলৈ ১৬ মিনিট বাকী থকা সময়ত ৰেফাৰীয়ে দিল্লীৰ অধিনায়ক কৃষ্ণ পণ্ডিতক ৰঙা কার্ড দেখুৱায়৷ খেলুৱৈগৰাকীয়ে ৰেফাৰীক উদ্দেশ্যি অভব্য আচৰণ কৰা বাবেই ৰেফাৰীয়ে এই সিদ্ধান্ত লয়৷ ইয়াকে লৈ সৃষ্টি হোৱা বিতর্কৰ বাবে প্রায় ৫ মিনিট খেল বন্ধ ৰাখিবলগীয়া হয়৷ কালি চূড়ান্ত খেলখন পৰিচালনাত ৰেফাৰী প্রভাত কলিতাক সহায় কৰে তহিদউল্লা আৰু জেহিৰুল ইছলামে৷ চতুর্থ ৰেফাৰী আছিল দ্বিজেন্দ্র মোহন শর্মা৷ বিজয়ী দল দিল্লী এফ চিক ট্রফীসহ ২ লাখ আৰু ৰানার্ছ আপ নাগালেণ্ড পুলিচক ট্রফীৰ লগতে এক লাখ টকা প্রদান কৰা হয়৷ চূড়ান্ত খেলৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে দিল্লী দলৰ কছুকে য়ামাজাকিয়ে৷

You might also like