IPL-ৰ ৫০সংখ্যক মেচত আজি সমুখসমৰত RCB vs LSG
IPL-ৰ ৫০সংখ্যক মেচখন আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত একানা ষ্টেডিয়াম লক্ষ্ণৌত অনুষ্ঠিত হ’ব। মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু টছ অনুষ্ঠিত হ’ব সন্ধিয়া ৭ বজাত। আজিৰ মেচখন ইকানাৰ সেই একেখন পিচত খেলা হ’ব, য’ত লক্ষ্ণৌ আৰু কলকাতাৰ মাজৰ মেচখন টাই হৈছিল আৰু ছুপাৰ অ’ভাৰত ফলাফল নিৰ্ধাৰণ হৈছিল। উল্লেখ্য যে আজি লক্ষ্ণৌত বৰষুণৰ সম্ভাৱনাও ব্যক্ত কৰা হৈছে।
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলে চলিত আইপিএলত নিজৰ ঘৰুৱা মাটিত এতিয়ালৈকে এখনো মেচ জয়ী হব পৰা নাই। ঋষভ পণ্টৰ অধিনায়কত্বত খেলি থকা এই দলটোৱে ৯খন মেচৰ ভিতৰত ৭খনত পৰাজয় স্বীকাৰ কৰি পইণ্ট তালিকাৰ একেবাৰে তলৰ স্থানত আছে। যদি আজি দলটো পৰাজিত হয়, তেন্তে আনুষ্ঠানিকভাৱে প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হৈ যাব। আনহাতে, আৰচিবি জয়ী হ’লে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উঠিব, কিয়নো দলটোৰ নেট ৰান ৰেট সকলো দলতকৈ উন্নত।
আজি সন্ধিয়া প্ৰায় ৬ বজাৰ সময়ত লক্ষ্ণৌত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে যদিও এই সম্ভাৱনা মাত্ৰ ১০ শতাংশ। অৰ্থাৎ মেচ বাতিল হোৱাৰ আশংকা প্ৰায় নাই বুলিব পাৰি। কিন্তু বৰষুণে খেলত কিছু ব্যাঘাত জন্মাব পাৰে আৰু ইয়াৰ ফলত পিটচ বেটছমেনসকলৰ বাবে অধিক কঠিন হৈ উঠিব। গোটেই মেচখনত বেছিভাগ সময়ে আকাশ ডাৱৰীয়া হৈ থাকিব। সন্ধিয়া ৭ বজাৰ পৰা ৯ বজালৈ তাপমাত্ৰা ২৪-২৫ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰত থাকিব। দ্বিতীয় ইনিংছত ই ১-২ ডিগ্ৰী ছেলচিয়াছ হ্ৰাস পাব পাৰে।
লক্ষ্ণৌ বনাম বেংগালুৰু মেচত ইকানাৰ পিটচ স্পিনাৰ আৰু দ্ৰুত বলাৰ—দুয়োৰে বাবে সহায়ক হ’ব পাৰে। সামগ্ৰিকভাৱে আজি বেটছমেনসকলৰ বাবে ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব। পিচত অসামঞ্জস্যপূৰ্ণ বাউন্স দেখা যাব পাৰে, যিটো বেটছমেনসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। নতুন বলেৰে আৰম্ভণিতে ৰান কৰাটো অলপ কঠিন হ’ব পাৰে। সেইবাবে অপেনাৰসকলে ধীৰগতিত আৰম্ভ কৰিলেও পাৱাৰপ্লে’ত উইকেট বচাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। প্ৰথম ইনিংছৰ গড় স্ক’ৰ প্ৰায় ১৫৫-১৬৫ ৰান। সাধাৰণতে এই মাটিত লক্ষ্য অনুসৰণ কৰাটো কঠিন দেখা গৈছে যদিও আজিৰ বতৰ বিবেচনা কৰিলে টছ জয়ী অধিনায়কে প্ৰথমে বলিং কৰিবলৈ বেছি আগ্ৰহী হ’ব পাৰে।
ডিজিটেল ডেস্ক, ৭ মে’