চিৰাজৰ চমকেৰে দ্বিতীয় স্থানলৈ বাংগালুৰু
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে৷ কালি আবু ধাবিত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত বাংগালুৰুৱে কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে৷ মেচখনত কলকাতাই জয়ৰ বাবে বান্ধি দিয়া ৮৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাংগালুৰুৱে ১৩.৩ অ’ভাৰত দুটা উইকেট হেৰুৱাই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷ অ’পেনাৰদ্বয় পাড়িকালে ২৫ আৰু ফিনছে ১৬ ৰান কৰি বিদায় লয় যদিও গুৰকিৰট সিঙে ২১ আৰু অধিনায়ক কোহলিয়ে ১৮ ৰান কৰি অপৰাজিত হৈ থাকে৷
উল্লেখ্য যে চলিত আই পি এলত কোহলি বাহিনীৰ এয়া আছিল সপ্তম জয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি মহম্মদ চিৰাজ আৰু য়ুজবেন্দ্র ছাহালৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অ’ভাৰত আঠটা উইকেট হেৰুৱাই ৮৪ ৰান কৰে৷
অধিনায়ক মৰগানে সর্বাধিক ৩০ ৰান কৰাৰ বাহিৰে বাকীসকল সম্পূর্ণৰূপে ব্যর্থ হয়৷ মন কৰিবলগীয়া যে দলটোৰ পাঁচগৰাকীকৈ বেটছমেনে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অ’পেনাৰদ্বয় শুভমন আৰু ত্রিপাঠী উভয়ে ১ ৰান কৰাৰ বিপৰীতে নীতিশ ৰাণাই ০, টম বেণ্টনে ১০ আৰু দীনেশ কার্তিকে ৪ ৰান কৰে৷ বাংগালুৰুৰ হৈ চিৰাজে চাৰি অ’ভাৰত আঠ ৰান দি তিনিটা উইকেট লাভ কৰাৰ লগতে ছাহালে ৪ অ’ভাৰত ১৫ ৰান দি দুটা উইকেট লয়৷ ইফালে, ছাইনী আৰু ৱাশ্বিংটনে এটাকৈ উইকেট লয়৷