নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত হ’ব জুনিয়ৰ হকী বিশ্বকাপ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসমত অনুষ্ঠিত হ’ব জুনিয়ৰ হকী বিশ্বকাপ৷ এই সন্দর্ভত হকী ফেডাৰেচন অৱ ইণ্ডিয়া আৰু ইণ্টাৰনেচনেল হকী ফেডাৰেচনৰ পৰা অসমে লাভ কৰিছে এক প্রস্তাৱ৷ নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কালি এই কথা জানিবলৈ দিছে ৰাজ্যিক ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ পৰামর্শদাতা কমিটীৰ সদস্য সচিব লক্ষ্য কোঁৱৰে৷

মঙলবাৰে দুয়োটা সংস্থাৰ বিষয়ববীয়াৰ সৈতে এই সন্দর্ভত কোঁৱৰে এক প্রাৰম্ভিক আলোচনাত মিলিত হয়৷ অনাগত দিনত এই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’ব হকী ফেডাৰেচন অৱ ইণ্ডিয়াই৷ লক্ষ্য কোঁৱৰে প্রকাশ কৰা মতে, এতিয়ালৈকে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় তৰফত মৌখিক পর্যায়তে এই প্রস্তাৱ আগবঢ়োৱা হৈছে অসমক৷

অসমত জুনিয়ৰ হকী বিশ্বকাপ অনুষ্ঠিত হ’লে ক্রীড়াৰ ক্ষেত্রত বিশ্বৰ মানচিত্রত ৰাজ্যখনে এক সুকীয়া স্থান লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ ইপিনে, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (এ এফ আই) উপ–সভাপতি পদত লক্ষ্য কোঁৱৰে আজি নতুন দিল্লীত মনোনয়ন দাখিল কৰে৷ মন কৰিবলগীয়া যে উক্ত পদত মনোনয়ন পত্র দাখিল কৰা একমাত্র প্রার্থী হৈছে লক্ষ্য কোঁৱৰ৷

You might also like