নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট অধিনায়ক হিচাপে প্ৰথম মেচত ৰোহিতৰ জয়লাভ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ অধিনায়ক হিচাপে প্ৰথমখন টেষ্টত স্বপ্নৰ আৰম্ভণি কৰিলে ৰোহিত শৰ্মাই। মহালিত হোৱা টেষ্টত শ্ৰীলংকাক ইংনিছ বৱধানত পৰাস্ত কৰি এই যাত্ৰা আৰম্ভ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে। লগতে মহালি টেষ্ট স্মৰণীয় হৈ ৰল বিৰাট কোহলিৰ বাবেও। কিয়নো কোহলিয়েও টেষ্ট কেৰিয়াৰৰ শততম মেচ খেলিছিল মহালিতে। ইফালে ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনৰ স্পীনভেল্কীত দিশহাৰা হল সিংহলী বাহিনী। তিনি দিনতে পৰাস্ত হ’ল শ্রীলংকা৷ টেষ্টখনত টীম ইণ্ডিয়াই এক ইনিংছ আৰু ২২২ ৰানত জয়লাভ কৰে৷ মেচখনত প্ৰথমে বেট ধৰি ৰবীন্দ্র জাদেজাৰ অপৰাজিত ১৭৫, ঋষভ পণ্টৰ ৯৬, অশ্বিনৰ ৬১, হনুমা বিহাৰীৰ ৫৮ আৰু বিৰাট কোহলিৰ ৪৫ ৰানৰ সহায়ত ৮ উইকেটত ৫৭৪ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰে ভাৰতে। প্রত্যুত্তৰত বেটিং বিপর্যয় হৈ শ্রীলংকাই দ্বিতীয় দিনা ১৭৪ ৰানতে প্রথম ইনিংছ সামৰে। পিছত ফল’অনৰ সন্মুখীন হৈ দ্বিতীয় ইনিংছ মুকলি কৰি শ্ৰীলংকাই দ্বিতীয় দিনাই ১০৮ ৰানত ৪টা উইকেট হেৰুৱাই পৰাজয়ৰ গৰাহত পৰে৷ তাৰ পিছত আজি জাদেজা আৰু অশ্বিনৰ দুর্দান্ত বলিঙৰ সন্মুখীন হৈ শ্ৰীলংকাই ১৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰি পৰাজয়ৰ গ্লানি সহে। মেচখনত মুঠ ৯টা উইকেট দখল কৰা তথা ১৭৫ ৰানৰ দৰ্শনীয় ইনিংছ খেলা জাদেজাই মেন অব দ্যা মেচৰ সন্মান লাভ কৰে৷

You might also like