নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আমিতো কেনেবাকৈ বাচিলোঁ,আমাৰ লগৰবোৰকো উদ্ধাৰ কৰক”

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ ভালেসংখ্যক ছাত্ৰ -ছাত্ৰী।ইয়াৰ মাজতে ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপত যুদ্ধ জৰ্জৰিত ইউক্রেইনৰ পৰা কালি অসমত উপস্থিত ১২ গৰাকী ছাত্ৰ ছাত্রী । এই ১২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আছে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰো এগৰাকী ছাত্ৰী। এই ছাত্ৰীগৰাকীৰ নাম মামু হাজৰিকা । ৰাইডঙীয়াস্থিত বাসগৃহত ছাত্ৰী গৰাকী উপস্থিত হোৱাৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলাই ছাত্ৰীগৰাকীৰ পিতৃ- মাতৃয়ে । ইউক্ৰেইনৰ Zaporizyha state Medical Universityত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অসমলৈ যাত্ৰা কৰিবলগীয়া হৈছিল । কেইবাদিনো অনিদ্ৰা অনাহাৰে পাৰ কৰি অৱশেষত কালি স্বগৃহত উপস্থিত হৈ যথেষ্ট পৰিমাণে আবেগিক হৈ পৰে মামু হাজৰিকা। মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰি কয়, “তাত প্ৰতি পদে পদে মানুহক মৃত্যু ভয়ে খেদি ফুৰিছে।তাৰ পৰিস্থিতি খুবেই বেয়া।আমি দুদিন বাংকাৰৰ ভিতৰত সুমাই আছিলো।তাত খাদ্য,পানী একোৱেই নাছিল।প্ৰতি মূহুৰ্তত বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ভয় আছিল।” তেওঁ আৰু কয়,”যোৱা ২৬ফেব্ৰুৱাৰীত আমি দেশলৈ অহাৰ প্ৰস্ততি আৰম্ভ কৰো। ১০ঘন্টা ৰেলেৰে আহি পুনৰ ১০ ঘন্টা বাছেৰে ৰোমানিয়াৰ বৰ্ডাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো।বাছ খন বৰ্ডাৰৰ পৰা ১২ কিলোমিটাৰ নিলগতে ৰখাই আমাক নমাই দিয়া হৈছিল।মাইনাছ ১২ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত আমি সেই বাৰ কিলোমিটাৰ পথ খোজকাঢ়ি বৰ্ডাৰলৈ গৈছিলো। কিন্তু ৰোমানীয়াত প্ৰৱেশত বাধা দিছিল সেনাই। তাতো আমি তিনি দিন থাকিবলগীয়া হৈছিলো। অৱশ্যে পাছত ফ্লাইটেৰে দিল্লীলৈ অহাৰ সুবিধা কৰি দিয়ে আমাৰ দেশৰ এম্বেছীয়ে। এতিয়া ঘৰত উপস্হিত হৈ স্বস্তিৰ নিশ্বাস এৰিছো। কোনোমতে বাচিলো আমি।” ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসম তথা ভাৰতৰ আন ছাত্ৰ-ছাত্ৰীক উদ্বাৰ কৰি আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয়, “ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। তেওঁলোকৰ অৱস্থা খুবেই বেয়া। চৰকাৰে যিমান পাৰি সোনকালে তেওঁলোকক উদ্ধাৰ কৰি দেশলৈ লৈ অহাৰ ব্যৱস্থা কৰিব লাগে। এয়া মোৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ।”

প্ৰেৰক কনক হাজৰিকা

You might also like