জয়েৰে ৰোহিত–দ্রাবিড় যুগ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰোমাঞ্চকৰ জয়েৰে আৰম্ভ হ’ল ৰোহিত–দ্রাবিড়ৰ যুগ৷ নিউজিলেণ্ডৰ বিপক্ষে বুধবাৰৰে পৰা আৰম্ভ হোৱা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচতে ৫ উইকেটত জয়লাভ কৰে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ মেচখনত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৬৫ ৰনৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সূর্য কুমাৰ যাদৱৰ ৪০ বলত অনবদ্য ৬২ আৰু অধিনায়ক ৰোহিতৰ ৩৬ বলত ৪৮ ৰানৰ সহায়ত ভাৰতে ১৯.৪ অ’ভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ ৰাহুলে ১৫, শ্রেয়াছ আয়াৰে ৫ আৰু ভেংকটেশ আয়াৰে ৪ ৰান কৰি বিদায় লয়৷ ঋষভ পণ্টে অপৰাজিতভাৱে ১৭ ৰান কৰে৷ নিউজিলেণ্ডৰ হৈ ট্রেণ্ট ব’ল্টে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে ভাৰতীয় দলৰ আমন্ত্রণ ক্রমে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ মার্টিন গুপ্ঢিল আৰু মার্ক চেম্পমেনৰ দর্শনীয় অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাধিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্রহ কৰে৷ ভ্রমণকাৰী দলটোৰ ইনিংছ আৰম্ভণি সুখকৰ নাছিল৷ প্রথমটো অ’ভাৰৰ তৃতীয়টো বলতে ডাৰিল মিছেলে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ সেই সময়ত দলটোৰ স্ক’ৰ আছিল ১/১৷ অৱশ্যে ৪২ বলত ৭০ ৰানৰ দুর্দান্ত ইনিংছ খেলা গুপ্ঢিলে চেম্পমেনৰ সৈতে লগলাগি দ্বিতীয় উইকেটত ১০৯ ৰান সংগ্রহ কৰি দলটোৰ বিপর্যয় ৰোধ কৰে৷ চেম্পমেনে ৫০টা বলত ৬৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ গুপ্ঢিল আৰু চেম্পমেনৰ বাহিৰে বাকীসকল বেটছমেন ব্যর্থ হয়৷ গ্লেন ফিলিপছে ০, ছেইফার্টে ১২ আৰু ৰচিন ৰবীন্দ্রই ৭ ৰান কৰি বিদায় লয়৷ ভাৰতৰ হৈ ভুবনেশ্বৰ কুমাৰ আৰু অশ্বিন উভয়ে দুটাকৈ তথা দীপক চহৰ আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট লয়৷ শৃংখলাৰ দ্বিতীয়খন মেচ শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত হ’ব৷