নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ কোকৰাঝাৰ চহৰৰ সমীপৱর্তী বডোফা নগৰস্থিত বিটিচি বিধান পৰিষদ ভৱনত বুধবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ শীতকালীন অধিৱেশন৷ বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰী বুধবাৰে সদনত উপস্থিত থাকি বিৰোধীৰ সবল ভূমিকা পালন কৰিব বুলি চর্চা হৈছিল যদিও অৱশেষত সদনত উপস্থিত থকাৰ পৰা তেওঁ বিৰত থাকে৷ ইয়াৰ পৰিৱর্তে বিৰোধী দলপতি তথা বিপিএফৰ নির্বাচিত পাৰিষদ দেৰহাছাৎ বসুমতাৰী আৰু দনেশ্বৰ গয়াৰীয়ে সদনত বুধবাৰে যথেষ্ট সৰৱ হোৱা পৰিলক্ষিত হয়৷

উল্লেখ্য যে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বডোৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা অধিৱেশনত প্রমোদ বডো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে কেইবাখনো বিধেয়ক উত্থাপন কৰে৷ অৱশ্যে আজিহে এই বিধেয়ককেইখন গৃহীত হোৱাৰ সম্ভাৱনা আছে৷

ইপিনে প্রশ্ণকালীন ঘণ্টাত বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে সদনৰ মজিয়াত বিটিআৰত বিগত ২০০৮ চনৰ পৰা ২০১৩ চনলৈ দুষৃকতিকাৰীৰ হাতত নিহত হোৱা সাংবাদিক, প্রবক্তা, ব্যৱসায়ী আদিকে ধৰি হত্যাৰ বলি হোৱা সকলো লোকক সাঙুৰি প্রকৃত সত্য উদ্ঘাটন কৰিবলৈ চি বি আই তদন্তৰ দাবী উত্থাপন কৰিছে৷ বিপিএফৰ শাসনকালত সংঘটিত হোৱা হত্যাকাণ্ডবোৰে অঞ্চলটোৰ জাতি–জনগোষ্ঠীৰ মাজত মিলাপ্রীতি আৰু সংহতি বিনষ্ট কৰি ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি দুর্ভগীয়া পৰিয়ালসমূহে ন্যায় পোৱাৰ স্বার্থত চি বি আই তদন্তৰ প্রয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে৷ উক্ত কালছোৱাত সংঘটিত হোৱা সকলো হত্যাকাণ্ডৰ তালিকা চৰকাৰৰ হাতত মজুত থকাৰ কথাও জানিবলৈ দিয়ে প্রমোদ বডোৱে৷ তদুপৰি বিটিচিৰ ৪০টা বিভাগৰ কেইবাটাও বিভাগত পূর্বৰ চৰকাৰে ব্যাপক দুর্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি তাৰে কেইবাটাও বিভাগত চি বি আই আৰু আন একাংশ বিভাগত চি আই ডি তদন্তৰ দাবী উত্থাপন কৰে প্রমোদ বডোৱে৷ আনহাতে বিৰোধী দলপতি তথা বিপিএফৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে বুধবাৰে সদনৰ মজিয়াত বিভিন্ন প্রশ্ণৰে শাসকীয় পক্ষক ব্যতিব্যস্ত কৰি তোলে৷ প্রমোদ বডো চৰকাৰে পূর্বৰ বিপিএফ চৰকাৰৰ অকল দুর্নীতি–নিয়মহে দেখা পায়, কিন্তু আজিলৈকে এটাও প্রমাণ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি তেওঁ কয় যে প্রকৃততে বিপিএফ চৰকাৰেহে ৰাইজক সুশাসন দিছিল৷

সাংবাদিকক ম’বাইল লৈ প্রৱেশত বাধা, ধর্ণা–প্রতিবাদ

বিটিচি প্রশাসনে বুধবাৰে প্রথম দিনা বিটিচি অধিৱেশনখনত সংবাদ মাধ্যমৰ লোকক ম’বাইল লৈ বিধান পৰিষদ ভৱনৰ ভিতৰত প্রৱেশত বাধা আৰোপ কৰা কার্যক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ অধিৱেশন চলি থকা সময়ত পৰিষদীয় ভৱনত ম’বাইল লৈ প্রৱেশত অধ্যক্ষই নিষেধাজ্ঞা জাৰি কৰাত কোকৰাঝাৰ প্রেছ ক্লাবৰ সংবাদকর্মীসকল অসন্তুষ্ট হৈ পৰে৷ পৰিষদ ভৱনৰ সংশ্লিষ্ট কর্তৃপক্ষই সাংবাদিকসকলক ফটো, ভিডিঅ’ ফুটেজ সংগ্রহত বাধা দিবলৈকে ম’বাইল ফোন ভিতৰলৈ নিয়াত বাধা প্রদান কৰাত সংবাদকর্মীসকলে বিটিচি বিধান পৰিষদ ভৱনৰ প্রৱেশদ্বাৰৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণেৰে প্রতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে পিছত সাংবাদিকৰ প্রবল প্রতিবাদত সেও মানি বিটিচি কর্তৃপক্ষই বিটিচিৰ বিধান পৰিষদৰ প্রেছ গেলাৰীত প্রতিবাদী সাংবাদিকসকলক ম’বাইল ফোন লৈ প্রৱেশৰ অনুমতি প্রদান কৰে৷

You might also like