নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাংগুলী আইচিচিৰ ক্রিকেট কমিটীৰ অধ্যক্ষ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি তথা টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীক বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিৰ পুৰুষ ক্রিকেট কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে৷ টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা স্পীনাৰ অনিল কুম্বলেৰ স্থানত গাংগুলীক নিযুক্তি দিয়া হৈছে বুলি আই চি চিৰ এক বিবৃতিত  বুধবাৰে এই কথা সদৰী কৰিছে৷ তিনি বছৰীয়া কার্যকাল সমাপ্ত হোৱাৰ পিছত ভাৰতীয় ক্রিকেট দলটোৰ কিংবদন্তি স্পীনাৰগৰাকীয়ে আই চি চিৰ অধ্যক্ষ পদটোৰ পৰা অব্যাহতি লয়৷

উল্লেখ্য যে ২০১২ চনত ৱেষ্ট ইণ্ডিজৰ প্রাক্তন তাৰকা খেলুৱৈ ক্লাইভ লয়ডৰ স্থানত কুম্বলেক আই চি চিৰ ক্রিকেট কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ পিছত ২০১৬ চনত কুম্বলেক পুনৰবাৰ বিশ্ব ক্রিকেট সংস্থাটোৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল৷

You might also like