আইপিএলত দ্বিতীয় সর্বাধিক মেচ খেলাৰ কৃতিত্ব ৰোহিতৰ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা আই পি এলত দ্বিতীয় সর্বাধিক মেচ খেলা খেলুৱৈ হিচাপে চিহ্ণিত হৈছে৷ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে কালি খেলপথাৰত নমাৰ লগে লগে তাৰকাগৰাকীয়ে এই মাইলষ্ট’নত উপনীত হয়৷
উল্লেখ্য যে চি এছ কেৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে দুদিন পূর্বে সুৰেশ ৰাইনাক অতিক্রম কৰি আই পি এলৰ ইতিহাসৰ সর্বাধিক মেচ খেলা খেলুৱৈ হিচাপে অভিলেখ ৰচিছিল৷ ধোনীয়ে এতিয়ালৈকে ১৯৫খন মেচ খেলাৰ বিপৰীতে ৰোহিতে আই পি এলত ১৯৩খন মেচ খেলে৷ আই পি এল আৰম্ভ হোৱাৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ শিবিৰ ত্যাগ কৰি দেশলৈ উভতি অহা ৰাইনাই আই পি এলত ১৯২খন মেচ খেলিছে৷
ইফালে ডেভিদ ৱার্নাৰে আজি ছানৰাইজার্ছ হায়দৰাবাদক ৫০খন মেচত নেতৃত্বত দিয়াৰ গৌৰৱ অর্জন কৰে৷