ইংলেণ্ড শৃংখলা -ত অধিনায়ক গিলৰ শিক্ষক ৰোহিত-কোহলি
🔹 ইংলেণ্ড শৃংখলা -ত অধিনায়ক গিলৰ শিক্ষক ৰোহিত-কোহলি
🔹 বুমৰাহক লৈও সংশয় দূৰ কৰিলে ভাৰতীয় টেষ্ট অধিনায়কে
নিউজ ডেস্ক, ১৬ জুন : ইংলেণ্ড শৃংখলাত ভাৰতীয় অধিনায়ক হিচাপে অভিষেক ঘটিব শুভমন গিলৰ৷ এই শৃংখলাত ৰোহিত শর্মা আৰু বিৰাট কোহলিক শিক্ষক হিচাপে লৈ খেলপথাৰত নামিব তেওঁ৷ এক সাক্ষাৎকাৰত নিজে এই কথা সদৰী কৰিছে ভাৰতীয় অধিনায়কগৰাকীয়ে৷ ইয়াৰ লগতে যশপ্রীত বুমৰাহৰ খেলাক লৈ যাৱতীয় সংশয়ৰো উত্তৰ দিলে তেওঁ৷
ইংলেণ্ডৰ সংবাদ মাধ্যম স্কাই স্প’ৰ্টছক দিয়া সাক্ষাৎকাৰত শুভমনে কয়– টেষ্টত বিৰাটৰ অধীনত খেলাৰ সময়ত বাৰে বাৰে তেওঁৰ সক্রিয়তা চকুত পৰিছিল৷ নিজৰ অনুভৱ শ্বেয়াৰ কৰায়েই হওক অথবা তেওঁৰ খেলপথাৰৰ আচৰণ মোৰ ভাল লাগিছিল৷ আমিও সেই আচৰণ কামত লগাব বিচাৰোঁ৷ যদি তেওঁৰ কোনো পৰিকল্পনা সফল নহয়, তেনেহ’লে লগে লগে সেয়া সলনি কৰে আৰু বলাৰক তেওঁ কি বিচাৰে বুজাই দিয়ে৷ কোহলিৰ তুলনাত কিছু সুকীয়া আছিল ৰোহিত শর্মা৷ তেওঁ যথেষ্ট শান্ত আৰু ধীৰ–স্থিৰ৷ কিন্তু সেয়া কেৱল আচৰণহে, কৌশল নহয়৷ শুভমনৰ মতে– ৰোহিত শর্মা বহু পৰিমাণে আগ্রাসী নাছিল৷ কিন্তু কৌশলৰ ফালৰ পৰা তেওঁ অত্যন্ত আগ্রাসী৷ মেচৰ পূর্বে, শৃংখলাৰ মাজত অথবা শৃংখলাৰ পিছত সকলো সময়তে নিজৰ ভাবনা প্রকাশৰ ক্ষেত্রত তেওঁ আছিল অতিশয় স্বচ্ছ৷ সতীর্থসকলৰ পৰা কি বিচাৰে, সেয়া তেওঁ স্পষ্টকৈ জনাই দিয়ে৷
গিলে লগতে কয়– ৰোহিত ভায়ে দলৰ পৰিৱেশটোৱে সুকীয়া কৰি ৰাখিব পাৰে৷ তেওঁ কাৰোবাক গালি পাৰিলেও আঘাত পোৱা নাযায়৷ এয়াই তেওঁৰ ব্যক্তিত্ব৷ এনে ক্ষমতা থকাটো সঁচাকৈয়ে ভাগ্যৰ কথা৷ নিজৰ সিদ্ধান্তৰ ক্ষেত্রত তেওঁ যথেষ্ট কঠিন৷ ইংলেণ্ড শৃংখলাত বুমৰাহে যিবোৰ টেষ্টত নেখেলে সেইবোৰৰ কথা ইতিমধ্যে জনাই দিয়া হৈছে৷ অৱশ্যে কোনকেইখন টেষ্টত খেলোৱা হ’ব সেয়া আগৰ পৰাই ঠিক কৰা নহয় বুলিও জনাইছে শুভমনে৷
ভাৰতীয় অধিনায়কগৰাকীৰ মতে, কিদৰে মেচসমূহ আগুৱাইছে তাৰ ওপৰত যথেষ্টখিনি নির্ভৰ কৰিব৷ এখন মেচত বৰষুণৰ সম্ভাৱনা আছে৷ গতিকে এখনকৈ মেচ সন্মুখত লৈ আগবঢ়া ভাল৷ কিমান চাপ সৃষ্টি হ’ব সেয়াও নিয়মীয়াভাৱে পর্যবেক্ষণ কৰা হ’ব৷ শুভমনৰ সংযোজন– আমি আগৰ পৰাই ঠিক কৰি ৰাখিব বিচৰা নাই যে কোনকেইখন মেচত তেওঁ খেলিব৷ কাৰণ এনে বহু বিষয় আছে যিবোৰ আপোনাৰ পক্ষে যাব বা নাযাব৷ তেতিয়াই বুজা যাব বুমৰাহক পৰৱর্তী মেচত খেলোৱা হ’ব নে নহয়৷