নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ৰোহিত শর্মা-ৰ

🔹 টীম ইণ্ডিয়াৰ হৈ খেলি যাব এদিনীয়া ক্রিকেট

নিউজ ডেস্ক, ৮ মে’ : আইপিএল চলি থকাৰ মাজতে তৎকালীনভাৱে কার্যকৰী হোৱাকৈ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা-ই৷ নির্বাচকে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা ৰোহিত শর্মাক অপসাৰণ কৰিব বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পোৱাৰ কিছু সময়ৰ পিছতে হিটমেনে নিজৰ ভৱিষ্যতৰ সিদ্ধান্ত লয়৷ ৰোহিত শর্মাই ছ’চিয়েল মিডিয়াত ঘোষণা কৰে যে তেওঁ টেষ্ট ক্রিকেটৰ পৰা তৎকালীনভাৱে কার্যকৰী হোৱাকৈ অৱসৰ গ্রহণ কৰিছে৷ অৱশ্যে ৰোহিতক এদিনীয়া ক্রিকেটত দেখা যাব৷ কোনো সংবাদ মেল অনুষ্ঠিত কৰা নাছিল ৰোহিতে৷ মাত্র ইনষ্টাগ্রামত চাৰিশাৰীৰ বিবৃতি দিলে৷ ৰোহিতে লিখিছে– মই সকলোকে জনাব বিচাৰিছোঁ যে মই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লৈছোঁ৷ বগা জার্ছী পিন্ধি দেশৰ হৈ খেলাটো মোৰ বাবে এক সন্মান৷ বছৰ বছৰ ধৰি সকলো মৰম আৰু সমর্থনৰ বাবে আপোনালোক সকলোকে ধন্যবাদ৷ মই ভাৰতৰ হৈ এদিনীয়া ফর্মেটত খেলি যাম৷ যোৱা বছৰ ঘৰৰ মাটিত নিউজিলেণ্ড আৰু ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত ৰোহিত শর্মাৰ আছিল হতাশাজনক প্রদর্শন৷ অষ্ট্রেলিয়া ভ্রমণৰ ছিডনীত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ বাবে ৰোহিতক টীম ইণ্ডিয়াৰ মূল একাদশৰ পৰা আঁতৰাই ৰখা হৈছিল৷ উক্ত সময়ৰ পৰাই আৰম্ভ হৈছিল ৰোহিত শর্মাৰ অৱসৰ সন্দর্ভত জল্পনা–কল্পনা৷ ৰোহিতে হয়তো বহু আগতেই নিজৰ ভাগ্য জানিছিল৷ তেওঁ উপলব্ধি কৰিছিল যে নির্বাচকে তেওঁৰ কথা আৰু নাভাবে৷ ইংলেণ্ড ভ্রমণত ভাৰতীয় দলটোক নতুন অধিনায়কে নেতৃত্ব দিব বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পোৱাৰ পিছতেই ৰোহিত শর্মাই টেষ্ট ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মন কৰিবলগীয়া যে বিগত ১০খন টেষ্টত ৰোহিত শর্মাৰ প্রদর্শন আছিল পুতৌজনক৷ টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে বিগত ১০খন টেষ্টত মাত্র ১৬৪ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ ৩৮ বছৰীয়া ৰোহিত শর্মাই টীম ইণ্ডিয়াক ৬৭খন টেষ্টত প্রতিনিধিত্ব কৰিছিল৷ ২০১৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটা ৰোহিত শর্মাই বিগত বর্ষৰ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ চতুর্থখন টেষ্টেই আছিল কেৰিয়াৰৰ অন্তিমখন টেষ্ট৷ ৬৭খন টেষ্টত ১২টা শতকেৰে ৪,৩০১ ৰান কৰা ৰোহিত শর্মাই ২৪খন টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিছিল৷ ইয়াৰে ১২খনত জয়ৰ মুখ দেখাৰ বিপৰীতে ৯খনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছিল৷

You might also like