ক’ৰোনাত আক্রান্ত কিংবদন্তি ফুটবলাৰ ৰ’নালডিনহো
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ক’ৰোনাত আক্রান্ত ব্রাজিলিয়ান কিংবদন্তি ৰ’নালডিনহো। দেওবাৰে আক্রান্ত হোৱাৰ খবৰ নিজেই প্ৰকাশ কৰে ব্রাজিলৰ বিশ্বকাপ জয়ী তাৰকাগৰাকীয়ে। লগতে তেওঁ জনাই যে তেওঁৰ শৰীৰত কোনো উপসর্গ নাই। বৰ্তমান ছেলফ আইছ’লেশ্যনত আছে তেওঁ।
শনিবাৰে বেলো হৰিজন্ত চিটিত এক অনুষ্ঠানত উপস্থিত আছিল বৰ্ষীয়ান খেলুৱৈগৰাকী। তাতেই ক’ভিড পৰীক্ষা কৰাইছিল তেওঁ। যাৰ ৰিপোর্ট পজিটিভ আহে। ইনষ্টাগ্রাম প’ষ্টত তেওঁ লিখিছে- “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহিছে। মই ভালে আছোঁ, শৰীৰত কোনো উপসর্গ নাই।”