নাম সলনি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ
বিশেষ বাৰ্তা, ২০ মার্চ : অৱশেষত দলৰ নাম সলনি কৰিলে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে৷ ২২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু নাম লৈ অৱতীর্ণ হ’ব দলটোৱে৷ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত দলটোৰ আনুষ্ঠানিকভাৱে নাম সলনি কৰাৰ কথা ঘোষণা কৰে ফ্রেনছাইজীটোৱে৷ দীর্ঘদিন ধৰি স্থানীয় অনুৰাগীসকলে দলটোৰ নাম সলনি কৰাৰ বাবে অনুৰোধ কৰি আহিছিল৷ ২০১৪ চনত ৰাজ্যখনৰ নাম বাংগালুৰুৰ সলনি বেংগালুৰু কৰাৰে পৰা অনুৰাগীসকলে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নামটো ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু কৰিবলৈ অনুৰোধ জনাইছিল৷ ইফালে, কালিৰ অনুষ্ঠানত দলটোৰ ল’গ’, কিট আৰু জার্ছীও উন্মোচন কৰা হয়৷