নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীলংকাৰে শৃংখলা : ভাৰতৰ এদিনীয়া দলত অসম-সন্তান ৰিয়ান

🔹 এমাহৰ ভিতৰতে অসমৰ ক্রিকেট জগতলৈ আন এক সুখবৰ 

বিশেষ বাৰ্তা, ১৯ জুলাই : জিম্বাব’ৱেৰ বিৰুদ্ধে খেলা টি–২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰি অসমৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে ছিনিয়ৰ দলত অভিষেক স্থাপন কৰা অসমৰ সুদক্ষ ক্রিকেটাৰ ৰিয়ান পৰাগে এইবাৰ দেশৰ এদিনীয়া দলত স্থান লাভ কৰি আন এক ইতিহাস সৃষ্টি কৰিছে৷ শ্রীলংকা ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতৰ টি–২০ আৰু এদিনীয়া দলত অন্তর্ভুক্ত হৈছে ৰিয়ান৷ অসমৰ তাৰকা ক্রিকেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ নৱনির্বাচিত প্রশিক্ষক গৌতম গম্ভীৰৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ ক্রিকেট অনুৰাগীলৈ সুখবৰ কঢ়িয়াই অনা ৰিয়ানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অভিনন্দন জনাইছে৷ উল্লেখ্য যে টি–২০ দলটোৰ অধিনায়কৰ দায়িত্ব প্রদান কৰা হৈছে সূর্য কুমাৰ যাদৱক৷ অৱশ্যে ৰোহিত শর্মাৰ অনুপস্থিতিত ভাৰতীয় দলক নেতৃত্ব প্রদান কৰি অহা হার্দিক পাণ্ডিয়াই গম্ভীৰৰ আস্থা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ সেইবাবে দলটোক নেতৃত্ব প্রদানৰ সুযোগ লাভ কৰিছে যাদৱে৷ শ্রীলংকাৰ বিৰুদ্ধে প্রথমখন টি–২০ মেচ অনুষ্ঠিত হ’ব ২৭ জুলাইত৷ টি–২০ মেচেৰে আৰম্ভ হ’ব ভাৰতীয় দলৰ শ্রীলংকা ভ্রমণ৷ দলৰ পৰা বিশ্রাম দিয়া হৈছে যশপ্রীত বুমৰাহক৷ এদিনীয়া দলত অন্তর্ভুক্ত কৰা হৈছে তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলিক৷ ৰোহিতকেই এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ সদ্যসমাপ্ত ফাইনেলত সূর্য কুমাৰে আয়ত্ত কৰা এটি কেচৰ বাবে ভাৰতে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পুৰস্কাৰ লাভ কৰিলে সূর্য কুমাৰে৷ টি–২০ আৰু এদিনীয়া দলৰ সহঃঅধিনায়কৰ দায়িত্ব প্রদান কৰা হৈছে শুভমন গিলক৷ অর্থাৎ হার্দিকক হয়তো পুনৰ অধিনায়ক কৰা নহ’ব৷ টি–২০ বিশ্বকাপত হার্দিক আছিল সহঃঅধিনায়ক৷ এইবাৰ তেওঁক নেতৃত্বত নৰখা বিষয়টোৱে প্রমাণ কৰিছে যে গৌতম গম্ভীৰে অধিনায়ক হিচাপে হার্দিকক পছন্দ নকৰে৷ উল্লেখ্য যে টি–২০ বিশ্বকাপ জয় কৰাৰ পিছতে ৰোহিত আৰু বিৰাটে অৱসৰ ঘোষণা কৰিছিল৷ ইয়াৰ এদিন পিছতে টি–২০ ক্রিকেটৰ পৰা অৱসৰ লৈছিল ৰবীন্দ্র জাদেজাই৷ ৰোহিত আৰু বিৰাটক এদিনীয়া দলত অন্তর্ভুক্ত কৰিলেও জাদেজাক স্থান দিয়া নহ’ল৷ বিশ্বকাপৰ পিছতেই জিম্বাব’ৱেৰ বিপক্ষে খেলিবলৈ গৈছিল ভাৰতে৷ এই দলত তৰুণ ক্রিকেটাৰসকলক স্থান দিয়া হৈছিল৷ জ্যেষ্ঠ ক্রিকেটাৰসকলক জিৰণি দিয়া হৈছিল৷ শ্রীলংকাৰ বিৰুদ্ধে দললৈ উভতি আহিছে তেওঁলোক৷ টি–২০ বিশ্বকাপৰ ৰিজার্ভ দলত থকা ৰিংকু সিং, খলিল আহমেদ আৰু শুভমন গিলক মূল দলত সুযোগ দিয়া হৈছে৷ তেওঁলোকে জিম্বাব’ৱেৰ বিৰুদ্ধেও খেলিছিল৷ টি–২০ত অধিনায়কৰ দায়িত্ব লাভ কৰিলেও এদিনীয়া দলত স্থান নাপালে সূর্য কুমাৰে৷ এদিনীয়া দলত হার্দিকৰ নামো অন্তর্ভুক্ত নহ’ল৷ উল্লেখ্য যে শ্রীলংকাৰ বিৰুদ্ধে ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ তিনিখন টি–২০ আৰু ২ আগষ্টৰ পৰা ৭ আগষ্টলৈ তিনিখন এদিনীয়া মেচ খেলিব৷ এদিনীয়া দলটো– ৰোহিত শর্মা (অধিনায়ক), শুভমন গিল (সহঃঅধিনায়ক), বিৰাট কোহলি, লোকেশ ৰাহুল, ঋষভ পণ্ট, শ্রেয়াছ আয়াৰ, শিৱম ডুবে, কুলদ্বীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, অর্শদ্বীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ আৰু হর্ষিত ৰাণা৷ টি–২০ দল– সূর্য কুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (সহঃঅধিনায়ক), যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পণ্ট, সঞ্জু চেমছন, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্চিংটন সুন্দৰ, ৰবি বিষ্ণয়, অর্শদ্বীপ সিং, খলিল আহমেদ আৰু মহম্মদ চিৰাজ৷

You might also like