নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ান পৰাগলৈ লালা অমৰনাথ বঁটা বিচিচিআইৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিশেষ বঁটা প্রদান অনুষ্ঠানত উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ৷ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোলৈ মাজতে মাথোঁ এটা দিন বাকী থকা অৱস্থাত বি চি চি আয়ে হায়দৰাবাদত আয়োজন কৰা বিশেষ বঁটা প্রদান অনুষ্ঠানত অসমৰ তাৰকা ক্রিকেটাৰ ৰিয়ান পৰাগে লাভ কৰিলে ২০২২-২৩ বর্ষৰ সন্মানীয় লালা অমৰনাথ শ্রেষ্ঠ অলৰাউণ্ডাৰ বঁটা৷ দেশৰ ঘৰুৱা সীমিত অ’ভাৰৰ ক্রিকেটত দাঙি ধৰা দুর্দান্ত অলৰাউণ্ড প্রদর্শনৰ বাবে অসম সন্তান ৰিয়ান পৰাগে লাভ কৰে এই বঁটা৷ ৰিয়ান পৰাগে সীমিত অ’ভাৰৰ ক্রিকেটত বেটিং-বলিং উভয়তে দাঙি ধৰা অলৰাউণ্ড প্রদর্শনৰ বাবে এই বঁটাৰ বাবে নির্বাচিত হয়৷ চলিত ৰঞ্জি ছিজনৰ দ্বিতীয়খন মেচত মাত্র ৫৬টা বলত শতক অর্জন কৰি ৰঞ্জি ট্রফীৰ ইতিহাসত দ্বিতীয়টো দ্রুত শতকৰ গৌৰৱ অর্জন কৰা ৰিয়ান পৰাগে বিগত বর্ষৰ চৈয়দ মুস্তাক আলী ক্রিকেটত অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ প্রতিযোগিতাখনত সন্মুখৰ পৰা নেতৃত্ব দি অসম দলক ছেমিফাইনেলত প্রৱেশ কৰাইছিল ৰিয়ান পৰাগে৷ অসম সন্তানগৰাকীয়ে প্রতিযোগিতাখনত ক্রমাগত সাতটা অর্ধশতক কৰি বিশ্ব অভিলেখো স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ প্রতিযোগিতাখনৰ দহটা ইনিংছত ৰিয়ান পৰাগে ৫১০ ৰান কৰাৰ উপৰি ১১টাকৈ উইকেটো দখল কৰিবলৈ সক্ষম হৈছিল৷ ইফালে, ৰিয়ান পৰাগৰ উপৰি ঘৰুৱা সীমিত অ’ভাৰৰ ক্রিকেটত দাঙি ধৰা অনবদ্য প্রদর্শনৰ বাবে তামিলনাডুৰ বাবা অপৰাজিথক ২০১৯-২০ বর্ষ আৰু হিমাচলৰ ঋষি ধাৱনক ২০২০-২১ বর্ষৰ লালা অমৰনাথ বঁটা প্রদান কৰা হয়৷ আনহাতে, টীম ইণ্ডিয়াৰ প্রতিভাৱান বেটাৰ শুভমন গিলে বি চি চি আইৰ ২০২২-২৩ বর্ষৰ বর্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান লাভ কৰে৷ ইপিনে, মহম্মদ ছামিয়ে ২০১৯-২০ বর্ষ আৰু যশপ্রীত বুমৰাহে ২০২১-২২ বর্ষৰ বর্ষশ্রেষ্ঠ ক্রিকেটাৰৰ বঁটা লাভ কৰে৷ আনহাতে, টীম ইণ্ডিয়াৰ প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রী আৰু প্রাক্তন ক্রিকেটাৰ ফাৰুক ইঞ্জিনীয়াৰে লাভ কৰে চি কে নাইডু জীৱনজোৰা সাধনা বঁটা৷

You might also like