নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱীৰ প্রাণ প্রতিষ্ঠা উপলক্ষে উখল-মাখল ৰাণী চাপৰি মনসা মন্দিৰ

আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ গড়ল ভট্টাপাৰাস্থিত ঐতিহ্যমণ্ডিত তথা সদাজাগ্রত ৰাণী চাপৰি শ্রীশ্রীমনসা মন্দিৰৰ পুৰণি মণিকূটটো মন্দিৰত বৃদ্ধি পোৱা ভক্তৰ সংখ্যাৰ প্রতি লক্ষ্য ৰাখি ভক্তপ্রাণ ৰাইজৰ দান-বৰঙণিৰে নতুনকৈ আহল-বহল পৰিসৰত নির্মাণ কৰা হৈছে৷ সেয়ে আজিৰে পৰা ২৬ জানুৱাৰীলৈ নতুনকৈ নির্মাণ কৰা মণিকূট আৰু মা মনসা দেৱীৰ প্রতিমাৰ প্রাণ প্রতিষ্ঠা কার্যসূচী তিনিদিনীয়াকৈ পালন কৰা হ’ব৷ ৰাণী চাপৰি শ্রীশ্রীমনসা পূজা কমিটীৰ সভাপতি অখিল বৈশ্য আৰু সাধাৰণ সম্পাদক সুভাষ কলিতাই জানিবলৈ দিয়া মতে ২৪ জানুৱাৰীত পুৱা ৮ বজাত প্রাণ প্রতিষ্ঠাৰ লগত সংগতি ৰাখি এক বিশাল ধর্মীয় শোভাযাত্রা উলিওৱা হয়৷ শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী হৰেন মুদৈয়ে৷ আবেলি ৩ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভাগ লব। সন্ধিয়া ৫ বজাত সমূহীয়া বন্তি প্রজ্বলন আৰু ৬ বজাত সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৭ বজাত মাংগলিক কার্যসূচীৰ মাজেৰে নতুন মণিকূটৰদ্বাৰ মুকলি কৰা হ’ব৷ তাৰ পিছত গণপতি আৰু শিৱলিংগৰ দ্বাৰ মুকলি কৰা হ’ব৷ ৮ বজাৰ পৰা জলযাত্রা আৰু ঘট স্থাপন, ৯ বজাৰ পৰা পূজা আৰম্ভ হ’ব৷ সন্ধিয়া আৰতি, ওজাপালি, নাগাৰা নাম আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ২৬ জানুৱাৰীৰ শেহৰ দিনা পুৱা দহ বজাৰ পৰা ছাত্র-ছাত্রীৰ মাজত তিনিটা শাখাত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট সমাজকর্মী আৰু ৰাষ্ট্রীয় খেলুৱে অনিল দাসে৷ অনুষ্ঠানত জুবিন গার্গকে ধৰি কেইবাজনো আমন্ত্রিত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব৷

You might also like