নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনক আউট কৰি মৃত্যুৰ ভাবুকি পাইছিল ব্রেছনানে

 নিয়মীয়া বাৰ্তা ৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি ক্রিকেট প্রতিযোগিতাসমূহ সম্পূর্ণৰূপে বন্ধ হৈ আছে যদিও এই সময়ছোৱাত বিশ্বৰ আটাইকেইখন দেশৰ ক্রিকেটাৰসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বার্তালাপ চলাই আছে৷ ছ’চিয়েল মিডিয়াৰে হোৱা বার্তালাপত ক্রিকেটাৰসকলৰ জীৱনত ঘটা বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ আহিছে৷ শেহতীয়াভাৱে ইংলেণ্ড ক্রিকেট দলটোৰ প্রাক্তন পেছ বলাৰ টীম ব্রেছনানেও তেওঁৰ জীৱনত ঘটা এক অনাকাংক্ষিত ঘটনাৰ কথা ব্যক্ত কৰে৷ প্রাক্তন পেছবলাৰগৰাকীয়ে য়র্কশ্বায়াৰ ক্রিকেট কভার্ছ অৱ পোডকাষ্টত সদৰী কৰা মতে, ২০১১ চনৰ টেষ্ট ক্রিকেটত তেওঁ শচীন তেণ্ডুলকাৰক এল বি ডব্লিউ আউট কৰাৰ পিছত তেওঁৰ লগতে আম্পায়াৰ ৰ’ড টকৰে মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷ টেষ্টখনত কেৰিয়াৰৰ শততম শতকটোৰ দিশে আগবঢ়া শচীনক ব্যক্তিগত ৯১ ৰানত পেভিলিয়নৰ পথ দেখুৱাইছিল ব্রেছনানে৷ অ’ভেলত খেলা টেষ্টখনত শচীনক আউট কৰাত অনুৰাগীসকল হতাশ হৈছিল৷ কিন্তু এই ঘটনাটোৰ পিছত অচিনাক্ত ব্যক্তিৰ পৰা আম্পায়াৰগৰাকীৰ লগতে তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷ পিছত ব্রেছনানক সুৰক্ষাৰ বাবে দেহৰক্ষী দিয়া হৈছিল৷

You might also like