নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ ফাইনেলত শ্বাহৰুখৰ কলকাতা নাইট ৰাইডার্ছ

🎯প্রথম কোৱালিফায়াৰত পৰাস্ত ছানৰাইজার্ছ, ষ্টার্কৰ তিনিটা উইকেট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মে’ : দুবাৰৰ প্রাক্তন চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে প্রথমটো দল হিচাপে চলিত আইপিএলৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ প্রথমখন কোৱালিফায়াৰত কলকাতা নাইট ৰাইডার্ছে ছানৰাইজার্ছ হায়দৰাবাদক সহজেই ৮ উইকেটত পৰাস্ত কৰে৷ মেচখনত ছানৰাইজার্ছে জয়ৰ বাবে বান্ধি দিয়া ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শ্রেয়াৰ আয়াৰ আৰু ভেংকটেশ আয়াৰৰ অপৰাজিত অর্ধশতকৰ সহায়ত কলকাতাই ১৩.৪ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ শ্রেয়াছে ২৪টা বলত ৫টা চাৰি আৰু চাৰিটা ছয়েৰে ৫৮ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ভেংকটেশে ২৮টা বলত ৫টা চাৰি আৰু চাৰিটা ছয়েৰে ৫১ ৰান কৰি অপৰাজিত হৈ থাকে৷ শ্রেয়াছ আৰু ভেংকটেশে তৃতীয় উইকেটত অপৰাজিতভাৱে ৯৭ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷ অ’পেনাৰদ্বয় ৰহমানউল্লাহ গুৰবাজে ২৩ আৰু সুনীল নাৰিনে ২১ ৰানৰ অৱদান আগবঢ়ায়৷ দলীয় স্ক’ৰ ৬৭ ৰানতে কলকাতাই দুয়োগৰাকী অ’পেনাৰক হেৰুৱাইছিল৷ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি মিছেল ষ্টার্কৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ছানৰাইজার্ছ হায়দৰাবাদে ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয়৷ ৰাহুল ত্রিপাঠীৰ বাহিৰে দলটোৰ কোনো এজন বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ ত্রিপাঠীয়ে ৩৫টা বলত সাতটা চাৰি আৰু এটা ছয়েৰে ৫৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ হেনৰিচ ক্লাছেনে ৩২ আৰু অধিনায়ক পেট কামিনছে ৩০ ৰানৰ অৱদান আগবঢ়ায়৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল চলিত আইপিএলত ইটোৰ পিছত সিটো অভিলেখ গঢ়া ছানৰাইজার্ছ হায়দৰাবাদৰ৷ দলীয় স্ক’ৰ ৩৯ ৰানতে চাৰিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই শ’লঠেকত পৰে দলটোৱে৷ অ’পেনাৰদ্বয় ট্রেভিছ হেডে ০ আৰু অভিষেক শর্মাই তিনি ৰান কৰি বিদায় লোৱাৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়ে ৯ আৰু শ্বাহবাজ আহমেদে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ অৱশ্যে ৰাহুল ত্রিপাঠী আৰু ক্লাছেনে পঞ্চম উইকেটত ৬২ ৰান কৰি দলৰ বিপর্যয় কিছু পৰিমাণে ৰোধ কৰে৷ ক্লাছেন আউট হোৱাৰ পিছত দলটো পুনৰ বিপর্যয়ত পৰে আৰু নির্ধাৰিত অভাৰৰ তিনিটা বল বাকী থাকোঁতে ১৫৯ ৰানত ইনিংছ সামৰে৷ কলকাতা নাইট ৰাইডার্ছৰ হৈ মিচেল ষ্টার্কে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে বৰুণ চক্রৱর্তীয়ে দুটা, বৈভৱ আৰোৰা, হর্ষিত ৰানা, সুনীল নাৰিন আৰু আন্দ্রে ৰাছেলে এটাকৈ উইকেট লাভ কৰে৷

You might also like