নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কেজৰিৱালৰ ভৱিষ্যৎ

যোৱা কিছুদিন ধৰি অৰবিন্দ কেজৰিৱালক মুখ্য কৰি ঘটি যোৱা ঘটনালানিয়ে অকল কেজৰিৱালৰ ৰাজনৈতিক জীৱনলৈকে বিপদধ্বনি বহন কৰি অনা নাই, ই ৰাজনীতিৰ সামগ্রিক ছবিখনে মলিয়ন কৰি তুলিছে৷ আন্না হাজাৰেৰ লগ হৈ সমাজৰ মংগলৰ কাৰণে চিন্তা কৰা আদর্শ প্রচাৰ কৰি, বিশেষকৈ মধ্যবিত্তীয় সমাজ আৰু কোমলবয়সীয়া ছাত্র–ছাত্রীসকলক প্রভাৱিত কৰিবলৈ সক্ষম হোৱা কেজৰিৱালে কম সময়ৰ ভিতৰতে দেশৰ ভিতৰতে পৰিচয় এটি সৃষ্টি কৰিছিল৷ তেওঁৰ পৰিচয়ৰ মূল ভেটি আছিল সততা আৰু সামাজিক দায়বদ্ধতাৰ প্রচাৰ৷ সেই পৰিচয়ত দেশ আৰু সমাজৰ বৈপ্লৱিক পৰিৱর্তন বিচৰা কিছু তৰুণ–তৰুণীয়ে এটা আস্থাৰ প্রতীক বা উদাহৰণ বিচাৰি পাইছিল৷ কিন্তু নিজৰ নাম প্রচাৰৰ বাবে খৰচ কৰা বিজ্ঞাপনৰ ধন, নিজৰ বাংলো সুন্দৰ কৰিবলৈ কৰা ৰাজধনৰ ব্যাপক অপচয় আদিয়ে তেওঁৰ ভাবমূর্তি মলিয়ন কৰি আনিছিল৷ ইতিমধ্যে তেওঁৰ উত্থানৰ সময়ত সহযোগী হৈ থকা বহুতে তেওঁৰ পৰা আঁতৰি গৈছিল৷ তথাপিতো তেওঁ ভাৰতৰ ৰাজনীতিত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছিল বাক্চতুৰ ভাষণৰ বাবে৷ কিন্তু সুৰা কাণ্ডৰ পৰা তেওঁ যিদৰে অপৰাধ আৰু নীতি–বিসর্জিত কামত ভয়ানক ৰূপত জডিত হৈ পৰা খবৰ প্রকাশ পালে আৰু এটা সময়ত জে’ললৈও যাবলগীয়া হ’ল, সেই কাণ্ডই তেওঁ গুৰিধৰা আম আদমী পার্টীৰ ভেটি জোকাৰি দিয়াৰ লগতে তেওঁক লৈ নীতিপূর্ণ ৰাজনীতিৰ সপোন দেখা হেজাৰ হেজাৰ তৰুণ–তৰুণীৰ আশাক মাটিত মিহলি কৰি দিলে৷ অৰবিন্দ কেজৰিৱালে ৰাজনৈতিক দল খুলি তাৰ শাখা–প্রশাখা বিস্তাৰ কৰাটো এটা ব্যয়বহুল কাম আছিল৷ সেই কামৰ বাবে তেওঁৰ ধনভাণ্ড ক’ত আছিল, সেই কথা কোনেও প্রশ্ণ কৰা নাছিল যদিও বহুতৰে মনত এটা সন্দেহ আছিল৷ বিলাসবহুল চৰকাৰী আৱাস নল’ব বুলি চিঞৰি চিঞৰি ঘোষণা কৰা কেজৰিৱালে যেতিয়া দুই লাখটকীয়া পর্দা লগাইছিল, তেতিয়াই মানুহৰ বুজিবলৈ সময়ৰ প্রয়োজন হোৱা নাছিল যে নেপথ্যত কিবা কাহিনী আছেই৷ সুৰা কেলেংকাৰিৰ কাহিনীয়ে সেই সকলো প্রশ্ণৰ উত্তৰ স্পষ্ট কৰি দিলে৷

কিন্তু স্বাতী মালিৱালক কৰা অত্যাচাৰৰ কাহিনীয়ে কেজৰিৱালৰ ওপৰত থকা সকলো বিশ্বাস আৰু আস্থাৰ সমাপ্তি ঘটাইছে৷ নিজ দলৰ কর্মী এগৰাকীক চৰকাৰী বাসভৱনত মাৰপিট কৰা কার্যই পৰিষ্কাৰ কৰি দিয়া ছবিবোৰ হ’ল– দলৰ ভিতৰত মহিলাৰ সন্মানহীনতা, দলৰ ভিতৰত থাকিবলগীয়া অনুশাসনৰ অভাৱ, চৰকাৰী দায়িত্বৰ প্রতি অশ্রদ্ধা আৰু তদুপৰি একনায়কত্ববাদী আচৰণ৷ এগৰাকী মহিলাক কৰা এই আচৰণ অকল এটা দলৰ ভিতৰুৱা কথাই নহয়, ই নাৰী সমাজক এটা ৰাজনৈতিক দলে প্রদর্শন কৰা মনোভাবৰ প্রতীক৷ কিন্তু এই কামৰ বিৰুদ্ধে নাৰী সমাজৰ পৰা যিদৰে প্রতিবাদৰ ধ্বনি উচ্চাৰিত হ’ব লাগিছিল, বাস্তৱত সেয়া হোৱা নাই৷ এই কথাটো এটা ৰাজনৈতিক দলৰ কথা হিচাপে গ্রহণ নকৰি এটা সামাজিক ঘটনা হিচাপে লোৱা উচিত আছিল৷ দিল্লী পুলিচে এই মাৰপিটৰ ঘটনাক ‘এক গুৰুতৰ ঘটনা’ হিচাপে অভিহিত কৰি কৈছে যে এই মাৰপিট ‘নির্ঘাত আক্রমণত’ পৰিণত হৈছিল আৰু সি অতি ‘ঘাতক হ’ব পাৰিলহেঁতেন’৷ স্বাতী মালিৱালে লিখা এজাহাৰত থকা মতে বিভৱ কুমাৰে তেওঁক চিঞৰি চিঞৰি ভাবুকি দিছিল আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল৷ ৩৯ বছৰীয়া মহিলাগৰাকীয়ে লগতে দাবী কৰিছে যে আক্রমণৰ সময়ত তেওঁৰ কাপোৰবোৰ ফাটি গৈছিল আৰু তেওঁৰ মূৰত আৰু ভৰিত গুৰুতৰ আঘাত লাগিছিল৷ ইমানবোৰ ঘটনাৰ পিছতো কিন্তু ভাৰতীয় প্রতিবাদী নাৰী সমাজ যেনেদৰে বিষয়টোক লৈ তৎপৰ হ’ব লাগিছিল, সেয়া কোনো দিশৰে পৰা হোৱা নাই৷ আম আদমী দলৰ নাৰীসকলেও কামটোৰ প্রতিবাদ নকৰাই প্রমাণ কৰে যে দলটোত এনেধৰণৰ কাম বা কথা অস্বাভাৱিক নহয়৷ স্বাতী মালিৱালৰ এই কাহিনী বিপক্ষ দলৰ পৰিকল্পিত অপপ্রচাৰ বুলি কোৱাৰো কোনো থল নাই৷ এই ঘটনাই অকল কেজৰিৱালৰে ক্ষতি কৰা নাই, দলটোৰো কৰিছে আৰু একে সময়তে ৰাজনৈতিক দল আৰু সামাজিক মূল্যবোধৰ অনুশীলনৰ ছবি এখনো স্পষ্ট কৰি দিছে৷

You might also like