৮ বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি শিখৰ ধাৱন–আয়েছাৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ৮ বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি ঘটিল ভাৰতীয় ক্রিকেট দলটোৰ বাঁওহতীয়া তাৰকা বেটছমেন শিখৰ ধাৱন আৰু আয়েছা মুখার্জীৰ৷ শিখৰ ধাৱনৰে বিচ্ছেদ হোৱাৰ কথা মঙলবাৰে নিশা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰে ক্রিকেটাৰগৰাকীৰ পত্নী আয়েছাই৷ দুয়োৰে মাজৰ বিবাহ বিচ্ছেদ সম্পর্কে আয়েছা মুখার্জীয়ে এক দীঘলীয়া পোষ্ট ছ’চিয়েল মিডিয়াত আপলোড কৰে৷ দীর্ঘদিন ধৰি শিখৰ ধাৱন আৰু আয়েছা মুখার্জীৰ বৈবাহিক জীৱন সন্দর্ভত বিভিন্ন ধৰণৰ বাতৰি প্রকাশ পাই আহিছিল৷ ধাৱন আৰু আয়েছাই ছ’চিয়েল মিডিয়াত দুয়ো দুয়োকে আনফল’ও কৰিছিল৷
অৱশেষত মঙলবাৰৰ নিশা আয়েছাই শিখৰ ধাৱনৰে বিচ্ছেদ হোৱাৰ কথা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰে৷ অৱশ্যে এই সন্দর্ভত ভাৰতীয় ক্রিকেট দলটোৰ বাঁওহতীয়া অ’পেনাৰ বেটছমেনগৰাকীয়ে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ ২০১২ চনৰ অক্টোবৰত বিবাহপাশত আবদ্ধ হোৱা শিখৰ ধাৱন আৰু আয়েছাৰ এটি ৭ বছৰীয়া পুত্র সন্তান আছে৷ ২০০৯ চনত ফেচবুকৰ জৰিয়তে ধাৱন আৰু আয়েছাৰ চিনাকি হৈছিল৷
মন কৰিবলগীয়া যে মেলবর্নত জন্মগ্রহণ কৰা আয়েছাই ইয়াৰ পূর্বেও অষ্ট্রেলিয়াৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ কন্যাসন্তানো আছিল৷