নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ অক্টোবৰৰ ভিতৰত প্রতি ব্যক্তিকে ভেকচিন

আইএছবিটি ক’ভিড টিকাকৰণ কেন্দ্র–ক’ভিড টিকাকৰণ বাহন মুকলি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ ৰাজ্যত ক’ভিড সংক্রমণ হ্রাস পাইছে যদিও এতিয়াও টিকাকৰণৰ পৰা আঁতৰি আছে বহু লোক৷ সকলোকে টিকাকৰণৰ লক্ষ্যৰে বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ৩০ অক্টোবৰৰ ভিতৰত প্রতিগৰাকী লোককে প্রদান কৰা হ’ব ভেকচিন৷ উল্লেখ্য যে আজি মহানগৰীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান (আই এছ বি টি) চৌহদত মুখ্যমন্ত্রী ড০ শর্মাই আনুষ্ঠানিকভাৱে এটা ক’ভিড টিকাকৰণ কেন্দ্র মুকলি কৰে৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ আন্তঃজিলা যাতায়াত মুকলি কৰাৰ পাছত এই বাছ আস্থানত সমাগম হোৱা যথেষ্টসংখ্যক যাত্রীৰ প্রতি লক্ষ্য ৰাখি ভেকচিন নোলোৱা যাত্রীসকলক ভেকচিন প্রদানৰ লক্ষ্যৰে এই কেন্দ্রটো মুকলি কৰা হৈছে৷

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা এন এইচ এমৰ উদ্যোগত স্থাপন কৰা এই টিকাকৰণ কেন্দ্রটো মুকলি কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত ক’ভিড টিকাকৰণৰ অভিযান সফল কৰি তোলাৰ ক্ষেত্রত যথেষ্ট কষ্ট স্বীকাৰ কৰা এ এন এম নার্ছ তথা টিকাকৰণৰ কর্মীসকল আৰু স্বাস্থ্য বিভাগৰ প্রতিগৰাকী বিষয়া–কর্মচাৰী ধন্যবাদৰ পাত্র৷ ৰাজ্যখনত এইপর্যন্ত ১.৯১ কোটি লোকক টিকাকৰণৰ জৰিয়তে সামৰি লোৱা ১.৫ কোটি লোকে প্রথম পালি ভেকচিন লাভ কৰিছে৷ কিন্তু এতিয়াও বহু লোক টিকাকৰণৰ পৰা আঁতৰি আছে৷

বিশেষকৈ ৰাজ্যৰ বহু স্পর্শকাতৰ তথা দুর্গম এলেকাৰ বাসিন্দাসকলে লাভ কৰা নাই ক’ৰোনাৰ ভেকচিন৷ মুখ্যতঃ এই লোকসকলক টিকাকৰণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে৷ অহা ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্রতিগৰাকী লোকেই যাতে কমেও ক’ভিডৰ প্রথম পালি ভেকচিন লাভ কৰিব পাৰে, তাৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই উদ্দেশ্যে বুধবাৰে বাছ আস্থান চৌহদতে ভ্রাম্যমাণ ক’ভিড টিকাকৰণ বাহন সেৱাৰ আনুষ্ঠানিক উদ্বোধন কৰে৷

এই কার্যসূচীৰ প্রথম পর্যায়ত তিনিখন জিলা ক্রমে কোকৰাঝাৰ, বাক্সা আৰু বজালীলৈ ১৫খন বাহনে ক’ভিড ভেকচিন কঢ়িয়াই নিব৷ মুখ্যমন্ত্রীয়ে এই বাহনকেইখনৰ ফ্লেগ অফ কৰি এই সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে৷ আজিৰ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, নগৰ পৰিক্রমা মন্ত্রী অশোক সিংঘল, ৰাজ্যিক পৰিবহণ বিভাগৰ অধ্যক্ষ অশোক ভট্টৰাই, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, এন এইচ এমৰ সঞ্চালক ড০ লক্ষ্মণন এছকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like