নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপলৈ ভাৰতীয় দল

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ সংযুক্ত আৰব আমীৰ শ্বাহী আৰু ওমানত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে বুধবাৰে ১৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে বি চি চি আয়ে৷ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া মেগা প্রতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিলে প্রবীণ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে৷

মন কৰিবলগীয়া যে সুদীর্ঘ চাৰি বছৰৰ পিছত অশ্বিনে টি–২০ দলটোত স্থান লাভ কৰিছে৷ অশ্বিনে ২০১৭ চনত অন্তিমবাৰ ভাৰতীয় দলটোৰ হৈ টি–২০ মেচত অংশ লৈছিল৷ ইফালে, তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰো দলটোলৈ প্রত্যাৱর্তন ঘটিছে৷

অৱশ্যে তাৰকা বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনৰ লগতে স্পিনাৰ য়ুজবেন্দ্র চাহালে ঘোষিত দলটোত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ আনহাতে আই পি এলত দাঙি ধৰা উন্নত প্রদর্শনৰ বাবে ঈশান কিষণ আৰু বৰুণ চক্রৱর্তীক দলটোত অন্তর্ভুক্ত কৰিছে নির্বাচক মণ্ডলীয়ে৷ শ্রেয়াছ আয়াৰ, শার্দূল ঠাকুৰ আৰু দীপক চহৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছে৷

ইফালে ২০১৭ চনৰ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোৰ অধিনায়ক মহেন্দ্র সিং ধোনীক আগন্তুক টি–২০ বিশ্বকাপখনত টীম ইণ্ডিয়াৰ মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে৷

উল্লেখ্য যে ২৪ অক্টোবৰত চিৰ প্রতিদ্বন্দ্বী পাকিস্তানৰ বিপক্ষে খেলি বিশ্বকাপখনত অভিযান আৰম্ভ কৰিব বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ টি–২০ বিশ্বকাপখনৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল– বিৰাট কোহলি (অধিনায়ক), ৰোহিত শর্মা (সহঃ অধিনায়ক) লোকেশ ৰাহুল, সূর্য কুমাৰ যাদৱ, ঋষভ পণ্ট, ঈশান কিষণ, হার্দিক পাণ্ডিয়া, ৰবীন্দ্র জাদেজা, ৰাহুল চহৰ, ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল, বৰুণ চক্রৱর্তী, যশপ্রীত বুমৰাহ, ভুবনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামী৷

You might also like