নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত খেলিব শ্রেয়াছ আয়াৰে

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ আই পি এলৰ ফ্রেন্সাইজী দিল্লী কেপিটেলছৰ বাবে সুখবৰ৷ ক’ৰোনাৰ আতংকৰ বাবে আধাতে স্থগিত হোৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰৱর্তী মেচত অংশগ্রহণ কৰিব পাৰিব তাৰকা বেটছমেন শ্রেয়াছ আয়াৰে৷ দিল্লী কেপিটেলছৰ অধিনায়ক তথা ভাৰতীয় ক্রিকেট দলটোৰ মিডল অর্ডাৰ বেটছমেন শ্রেয়াছ আয়াৰ বর্তমান আঘাতৰ পৰা সম্পূর্ণ সুস্থ বুলি ঘোষণা কৰিছে ৰাষ্ট্রীয় ক্রিকেট একাডেমীয়ে৷ কান্ধৰ আঘাতৰ বাবে চলিত ছিজনৰ আই পি এলৰ প্রথম ভাগত অংশগ্রহণ কৰিব নোৱৰা শ্রেয়াছ আয়াৰে বর্তমান খেলিব পৰাকৈ সুস্থ হৈ উঠা বুলি এন চি এই ঘোষণা কৰাৰ পিছতে বৃহৎ সকাহ লাভ কৰিছে দিল্লী কেপিটেলছে৷

ভাৰতীয় দলটোৰ হৈ ২২খন এদিনীয়া আৰু ২৯খন টি–২০ মেচত অংশগ্রহণ কৰা ২৬ বছৰীয়া বেটছমেনগৰাকীয়ে চলিত বর্ষৰ মার্চ মাহত ইংলেণ্ডৰ বিপক্ষে খেলা এদিনীয়া শৃংখলাটোৰ সময়ছোৱাত কান্ধত আঘাত পাইছিল আৰু পৰৱর্তী সময়ত আয়াৰে ব্রিটেইনত কান্ধৰ আঘাতৰ অস্ত্রোপচাৰ কৰিছিল৷ উল্লেখ্য যে অহা ১৯ ছেপ্টেংম্বৰৰ পৰা ইউ এ ইত আই পি এলৰ পৰৱর্তী মেচসমূহ অনুষ্ঠিত হ’ব৷

You might also like