নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিম্বাব’ৱে ভ্রমণত ফিল্ডিং প্রশিক্ষকৰ দায়িত্বত শুভদীপ ঘোষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ অসমৰ ক্রীড়াক্ষেত্রৰ বাবে আন এক সুখবৰ৷ অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় পুৰুষ ক্রিকেট দলত স্থান লাভ কৰি ইতিহাস ৰচনা কৰাৰ দিনাই অসমৰ প্রাক্তন ৰঞ্জি ক্রিকেটাৰ শুভদীপ ঘোষেও অসমবাসীলৈ কঢ়িয়াই আনিছে আন এক সুখবৰ৷ টীম ইণ্ডিয়াৰ আগন্তুক জিম্বাব’ৱে ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰাৰ লগতে শুভদীপ ঘোষক দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে নিযুক্তি দিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ৬ জুলাইৰ পৰা টীম ইণ্ডিয়াৰ জিম্বাব’ৱে ভ্রমণ আৰম্ভ হ’ব আৰু উক্ত ভ্রমণত ৫খন টি-২০ মেচত ভাগ ল’ব শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ শুভদীপ ঘোষক ভাৰতীয় দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে নিযুক্তি প্রদান কৰাৰ পিছত ৰাজ্যখনৰ ক্রীড়া মহল আনন্দিত হৈ পৰিছে৷ অসমৰ আৰু ৰে’লৱেৰ হৈ ১৭খন প্রথম শ্রেণীৰ মেচ আৰু ১৭খন লিষ্ট ‘এ’ৰ মেচত প্রতিনিধিত্ব কৰা শুভদীপ ঘোষে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলতো ফিল্ডিং প্রশিক্ষকৰ দায়িত্ব পালন কৰিছিল৷ শুভদীপে ২০১৮ আৰু ২০১৯ চনৰ আইপিএলত কলকাতা নাইট ৰাইডার্ছ আৰু দিল্লী ডেয়াৰডেভিলছৰ ফিল্ডিং প্রশিক্ষক হিচাপে কার্যনির্বাহ কৰাৰ উপৰি চলিত বর্ষৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপতো ভাৰতীয় দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ ২০২০–২৩ বর্ষলৈ ভাৰতীয় মহিলা ক্রিকেট দলটোৰ ফিল্ডিং প্রশিক্ষকৰ দায়িত্বত থকা অসমৰ প্রাক্তন ৰঞ্জি খেলুৱৈগৰাকীয়ে ২০২১ চনত নিউজিলেণ্ডত অনুষ্ঠিত ৫০ অভাৰৰ মহিলা বিশ্বকাপৰ উপৰি ২০২০ চনত অষ্ট্রেলিয়াত আৰু ২০২২ চনত দক্ষিণ আফ্রিকাত অনুষ্ঠিত মহিলা টি–২০ বিশ্বকাপতো ভাৰতীয় মহিলা দলটোৰ ফিল্ডিং প্রশিক্ষকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল৷ উল্লেখ্য যে ২০১৪ চনত প্রথমবাৰৰ বাবে ভাৰতীয় ‘এ’ দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল শুভদীপ ঘোষে৷

You might also like