নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ -ৰ খিতাপ জয় ‘আনলাকী’ দক্ষিণ আফ্রিকাৰ

🔹 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ -ৰ খিতাপ জয় ‘আনলাকী’ দক্ষিণ আফ্রিকাৰ

🔹 এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল ল’ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড

🔹 ২৭ বছৰ পিছত আইচিচিৰ ট্ৰফী জয় প্রটিয়াজ বাহিনীৰ

নিউজ ডেস্ক, ১৪ জুন : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল ল’ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন দক্ষিণ আফ্ৰিকাৰ। শক্তিশালী অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰি খিতাপ আঁজুৰিলে দক্ষিণ আফ্ৰিকাই। বিশ্ব ক্ৰিকেটত ‘আনলাকী’ হিচাপে জনাজাত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। এই জয়ৰ মূলতে হ’ল দক্ষিণ আফ্ৰিকাৰ অধিনায়ক বাভুমা আৰু মাৰ্কৰামৰ সাহসী আৰু ৰক্ষণাত্মক বেটিং।

উল্লেখ্য যে ঐতিহাসিক ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রটিয়াজ বাহিনীয়ে কালি তৃতীয় দিনৰ খেলৰ অন্তলৈকে দুটা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্রহ কৰে ৷ দিনান্তত অ’পেনাৰ এইডেন মার্কৰামে ১০২ আৰু অধিনায়ক টেম্বা বাভুমাই ৬৫ ৰান কৰি ক্রিজত থাকে ৷ হাতত সম্পূর্ণ দুটা দিন আৰু আঠটা উইকেট থকা অৱস্থাত দক্ষিণ আফ্রিকাক জয়ৰ বাবে আৰু মাত্র ৬৯ ৰানৰ প্রয়োজন আছিল ৷ দলটোৰ আনগৰাকী অ’পেনাৰ ৰিয়ান ৰিকেলটনে ৬ আৰু ৱিনান মুডলাৰে ২৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াই দ্বিতীয় দিনা আঠ উইকেটত কৰা ১৪৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ২০৭ ৰানত দ্বিতীয় ইনিংছ সামৰে৷ আগদিনা ১৬ ৰানত অপৰাজিত হৈ থকা মিচেল ষ্টার্কে কালি অপৰাজিতভাৱে ৫৮ ৰান কৰি অষ্ট্রেলিয়াক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ আনহাতে, আগদিনা ১ ৰানত বেটিং কৰি থকা নাথান লিয়নে কালি মাত্র ১ ৰানহে কৰিবলৈ সক্ষম হয়৷ জ’ছ হেজলউডে ১৭ ৰানৰ মূল্যৱান অৰিহণা আগবঢ়ায়৷ দক্ষিণ আফ্রিকাৰ হৈ কাগিছ’ ৰাবাডাই সর্বাধিক চাৰিটা উইকেট লাভ কৰাৰ বিপৰীতে লুংগি এনগিৰিয়ে তিনিটা, মার্ক’ জানছেন, মুডলাৰ আৰু এইডেন মার্কৰামে এটাকৈ উইকেট লাভ কৰে৷

উল্লেখ্য যে অষ্ট্রেলিয়াই প্রথম ইনিংছত ২১২ ৰান কৰাৰ প্রত্যুত্তৰত দক্ষিণ আফ্রিকাই ১৩৮ ৰানতে প্রথম ইনিংছ সামৰিছিল৷ আজি চতুৰ্থ দিনাৰ খেল আৰম্ভণিৰ লগে লগে দক্ষিণ আফ্রিকাক জয়ৰ বাবে মাত্র ৬৯ ৰানৰ প্রয়োজন আছিল। আজি সহজ লক্ষ্য অতিক্ৰম কৰাৰ লক্ষ্যৰে দক্ষিণ আফ্ৰিকাৰ দুই বেটছমেন খেলপথাৰত নামে যদিও ১ ৰান কৰাৰ পিছতে টেম্বা বাভুমাৰ উইকেট হেৰুৱাবলগীয়া হয় দক্ষিণ আফ্ৰিকাই। মাৰ্কৰামে তৃতীয় দিনাৰ খেলৰ অন্তলৈকে কৰা ১০২ ৰানৰ পৰা আজি চতুৰ্থ দিনা ইনিংছ মুকলি কৰি ধৈৰ্যসহকাৰে খেলে যদিও ১৩৬ ৰানত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ৬ ৰান লগা অৱস্থাত হেজলউডৰ বলত আউট হয়। মাৰ্কৰামে ১৩৬ ৰানৰ মূল্যৱান ইনিংছ দলক উপহাৰ দি দক্ষিণ আফ্ৰিকাৰ জয় সহজ কৰি তোলে। বাভুমা আৰু মাৰ্কৰামৰ পিছত ষ্টাবছ (৮), ডেভিড (২১) আৰু কাইল ভেৰেইনে (৪) জয়ৰ বাবে প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয়ৰ সোৱাদ দিয়ে দক্ষিণ আফ্ৰিকাক। এই জয়েৰে ২৭ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলায় দক্ষিণ আফ্ৰিকা দলটোৱে। ২৭ বছৰ পিছত কোনো আইচিচি ট্ৰফী জয় কৰি দক্ষিণ আফ্ৰিকা দলটোৰ খেলুৱৈসকল আনন্দত আত্মহাৰা হৈ পৰে। খেলখনত এইডেন মার্কৰামে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে।

You might also like