আইচিচিৰ জানুৱাৰী মাহৰ শ্রেষ্ঠ খেলুৱৈ শুভমন গিল
বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ জানুৱাৰী মাহৰ শ্রেষ্ঠ ক্রিকেটাৰৰ নাম ঘোষণা কৰিলে আই চি চিয়ে৷ এইবাৰ এই পুৰস্কাৰ লাভ কৰিব শুভমন গিলে৷ ফলত বিৰাট কোহলিৰ পিছত আন এজন ভাৰতীয়ৰ হাতত উঠিল শ্রেষ্ঠত্বৰ খিতাপ৷ যোৱা বছৰৰ অক্টোবৰত শ্রেষ্ঠ ক্রিকেটাৰ হৈছিল বিৰাট৷ তেওঁৰ পিছত সেই পুৰস্কাৰ লাভ কৰিলে শুভমনে৷ শ্রীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা ক্রিকেট শৃংখলাত সুন্দৰ ফর্মত আছিল গিল৷ জানুৱাৰী মাহত তেওঁৰ বেটৰ পৰা আহে ৫৬৭ ৰান৷ ২৩ বছৰীয়া বেটাৰগৰাকীয়ে তিনিটাকৈ শতৰান অর্জন কৰে বিগত মাহটোত৷ হায়দৰাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ দ্বিশতৰানো অর্জন কৰে৷ মাত্র ১৪৯টা বলত ২০৮ ৰান কৰিছিল গিলে৷ শ্রীলংকাৰ বিৰুদ্ধে ১১৬ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ১১২ ৰানৰ আন দুটা দর্শনীয় ইনিংছ উপহাৰ দিছিল পঞ্জাবৰ খেলুৱৈগৰাকীয়ে৷ নিউজিলেণ্ডৰ অ’পেনাৰ ডেভন কন’ৱে আৰু ভাৰতৰ পেচবলাৰ মহম্মদ চিৰাজক হৰুৱাই শ্রেষ্ঠত্বৰ পুৰস্কাৰ লাভ কৰে শুভমনে৷