আইপিএলত বর্তি থকাৰ যুঁজত আজি নামিব পঞ্জাব–ছানৰাইজাছ
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত বর্তি থকাৰ বাবে আজি বিজয় অপৰিহার্য মেচত মুখামুখি হ’ব কিংছ একাদশ পঞ্জাব আৰু ছানৰাইজার্ছ হায়দৰাবাদ৷ এতিয়ালৈকে প্রতিযোগিতাখনত দুয়োটা দলে ১০খন মেচ খেলি চাৰিখনত জয় আৰু ছখনত পৰাস্ত হৈ ৮ পইণ্ট সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷
গতিকে আজিৰ এই মেচখন দুয়োটা দলৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ আজিৰ মেচখনত যিটো দলে পৰাস্ত হ’ব, সেই দলটোৱে প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিব৷
শেহতীয়াভাৱে জয়ৰ ধাৰালৈ উভতি অহা কিংছ একাদশ পঞ্জাবে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি দলটোৰ অধিনায়ক ৰাহুলে কয় যে তেওঁৰ লগতে মায়ংক, গেইল আৰু নিকোলাছ পুৰান বর্তমান সুন্দৰ ফর্মত আছে যদিও অষ্ট্রেলিয়াৰ বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ দুর্বল ফর্মক লৈ দলটো কিছু পৰিমাণে চিন্তিত হৈ পৰিছে৷ বিগত মেচকেইখনত মেক্সৱেলে নিজৰ সামর্থ্য অনুসৰি খেলিবলৈ সক্ষম হোৱা নাই যদিও আজি অলৰাউণ্ডাৰগৰাকীয়ে নিজৰ ছন্দ ওভতাই আনিব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়ক ৰাহুলে৷
ইফালে, বৃহস্পতিবাৰে নিশা ৰাজস্থান ৰয়েলছৰ বিপক্ষে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ছানৰাইজার্ছ হায়দৰাবাদো আজিৰ মেচখনক লৈ আশাবাদী৷ আজিৰ মেচখনৰ সন্দর্ভত দলটোৰ অধিনায়ক ৱার্নাৰে কয় যে যোৱানিশা ৰাজস্থানৰ বিপক্ষে মনীষ পাণ্ডে আৰু বিজয় শংকৰে উন্নত খেল দাঙি ধৰি দলৰ জয় সুনিশ্চিত কৰিছিল৷ মনীষ আৰু বিজয়ৰ উপৰি নৱাগত প্রিয়ম গার্গ, আব্দুল ছামাদ আৰু টি নটৰাজনেও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আজিৰ মেচখনত দলটোক জয়ৰ সোৱাদ দিব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়কগৰাকীয়ে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷