নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য কোঁৱৰ ভাৰতীয় এথলেটিকছৰ উপ–সভাপতি নির্বাচিত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ নতুন দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ কার্যালয়ত যোৱা ২০ অক্টোবৰত নিজৰ দক্ষতা অনুযায়ী ব্যক্তিগত শ্রেষ্ঠতাৰে ফেডাৰেচনৰ নতুনকৈ হ’বলগীয়া কার্যনির্বাহকখনৰ উপ–সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে৷

শুকুৰবাৰে ঘোষণা কৰা নির্বাচনৰ ফলাফল মতে পাঁচগৰাকী উপ–সভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা খবৰে অসমৰ এথলেটিকছ ক্ষেত্রখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত ফেডাৰেচনত এনেকুৱা পদ লাভ কৰা একমাত্র ব্যক্তি হিচাপে পৰিগণিত হয় লক্ষ্য কোঁৱৰ৷ সততে অসমৰ ক্রীড়া ক্ষেত্রখনৰ উত্তৰণৰ হকে কাম কৰি থকা লক্ষ্য কোঁৱৰে এই পদ প্রাপ্তিৰ জৰিয়তে অসমৰ ক্রীড়াৰ উন্নতিৰ হকে কাম কৰিবলৈ সুবিধা হ’ব৷ এই সাফল্যৰ বাবে লক্ষ্য কোঁৱৰক অসম এথলেটিকছ সন্থাৰ লগতে অসমৰ ক্রীড়াবিদ তথা ক্রীড়াপ্রেমীসকলে অভিনন্দন জনাইছে৷ উল্লেখ্য যে লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদক পদটোত অধিষ্ঠিত হৈ আছে৷

You might also like