নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে টি-২০ শৃংখলাৰ প্ৰথম মেচত সহজ জয় সূৰ্যকুমাৰ বাহিনীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ টেষ্ট ক্রিকেটত দেশে–বিদেশে পর্যুদস্ত হ’লেও টি–২০ত ভাৰতীয় দলৰ আধিপত্য অব্যাহত আছে৷ দক্ষিণ আফ্রিকাত টি–২০ শৃংখলা জয় কৰিছিল সূর্যকুমাৰ যাদৱৰ দলে৷ ইডেনত ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলাত ভাৰতে ৭ উইকেটত সহজ বিজয় সাব্যস্ত কৰে৷ পাঁচখন মেচৰ টি–২০ শৃংখলাৰ প্রথমখন মেচত জয়লাভ কৰি ভাৰতে ১–০ ব্যৱধানত অগ্রগতি লাভ কৰে৷ টি–২০ ফর্মেটত মাত্র ১৩২ ৰানৰ পুঁজি হাতত লৈ জয়লাভ কৰা কঠিন৷ ইংলেণ্ডৰ ক্ষেত্রতো সেয়াই হ’ল৷ ভাৰতে ৪৩টা বল বাকী থকা অৱস্থাতে ৭ উইকেটত মেচখনত বিজয়ী হয়৷ ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে অভিষেক শর্মাই৷ মাত্র ৩৪টা বলত ৭৯ ৰানৰ এটি চমকপ্রদ ইনিংছ খেলে অভিষেকে৷ তেওঁৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু ৮টা ছয়৷ ১২.৫ অভাৰতে ভাৰতে ৩ উইকেটত ১৩৩ ৰান কৰি মেচখনত বিজয়ী হয়৷ আজি টছত জয়লাভ কৰি সূর্য কুমাৰে প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ জনায় ইংলেণ্ডক৷ বেটিং মুকলি কৰি আৰম্ভণিতে বিপর্যয়ৰ সন্মুখীন হোৱা ইংলেণ্ডে অন্তিম পর্যায়লৈ প্রত্যাৱর্তন ঘটাবলৈ সক্ষম নহয়৷ বাঁওহতীয়া পেচাৰ অর্শদীপ সিঙে আৰম্ভণিতে ফিল ছ’ল্ট (০) আৰু বেন বাকেট (৪)ক আউট কৰি প্রচণ্ড আঘাত হানে৷ ইয়াৰ পিছতে ইংলেণ্ডৰ মিডল অর্ডাৰ বেটিঙত ধুমুহা আনে মেন অৱ দ্য মেচ বৰুণ চক্রৱর্তীয়ে৷ তেওঁ ৪ অভাৰত ২৩ ৰান দি ৩টা উইকেট দখল কৰে৷ ইংলেণ্ডৰ ইনিংছত মাত্র তিনিজন বেটাৰে দুটা অংকৰ ৰান কৰিবলৈ সক্ষম হয়৷ দলৰ হৈ জ’ছ বাটলাৰে ৪৪টা বলত সর্বাধিক ৬৮ ৰান সংগ্রহ কৰে৷ ইংলেণ্ডৰ লক্ষ্য অতিক্রম কৰিবলৈ নামি ভাৰতে দ্রুতগতিত ৰান সংগ্রহ কৰিবলৈ লয়৷ সঞ্জু ছেমছনে জোফ্রা আর্চাৰৰ বলত ২৬ ৰান কৰি বিদায় লয়৷ অৱশ্যে ৪১ ৰানতে দুটা উইকেট হেৰুৱাই ভাৰতৰ ইনিংছলৈ দুর্যোগ নামিলেও ৰানৰ গতি হ্রাস নাপালে৷ অভিষেক শর্মা আৰু তিলক বার্মাই দুর্দান্ত বেটিঙেৰে দলক বিজয়ৰ দিশে আগুৱাই নিয়ে৷ ফলত ভাৰতে ৬ অভাৰতে দুই উইকেট হেৰুৱাই ৬৩ ৰান সংগ্রহ কৰে৷ ২০টা বলত অর্ধশতৰান পূর্ণ কৰে অভিষেকে৷ আনহাতে ১০ অভাৰত ১০০ ৰান কৰে টীম ইণ্ডিয়াই৷ অভিষেকৰ দুর্দান্ত বেটিঙৰ বাবে ভাৰতে সহজে লক্ষ্যত উপনীত হয়৷ তেওঁ বিদায় লোৱাৰ পাছত তিলক আৰু হার্দিক পাণ্ডিয়াই বাকী থকা কামখিনি সম্পূর্ণ কৰে৷ উল্লেখ্য যে আজি মেচখনত অর্শদীপে টি–২০ত ভাৰতৰ হৈ সর্বাধিক উইকেট দখলৰ কৃতিত্ব অর্জন কৰে৷ মাত্র ২৫ বছৰ বয়সতে সেই কৃতিত্ব লাভ কৰা অর্শদীপে ৬১খন মেচ খেলি ৯৭টা উইকেট দখল কৰে৷ এই তালিকাৰ দ্বিতীয় স্থানত থকা যুজবেন্দ্র চহলে ৮০খন মেচত ৯৬টা উইকেট দখল কৰিছিল৷

You might also like