চেন্নাইত সূৰ্যকুমাৰ বাহিনী : কাইলৈ ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি-২০
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই খেলখনৰ বাবে চেন্নাইত উপস্থিত হৈছে টীম ইণ্ডিয়া। টীম ইণ্ডিয়াৰ চেন্নাইলৈ অহাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিলে বিচিচিআইয়ে। ভিডিঅ’টোত দলটোৰ তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে কয় যে চেন্নাইৰ টি-২০ কিয় তেওঁৰ বাবে বিশেষ হ’ব। বিচিচিআইয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ আৰম্ভণি হয় তাৰকা বেটছমেন তিলক বাৰ্মাৰ পৰা। চেন্নাই-চেন্নাই তিনিবাৰকৈ বিভিন্ন কণ্ঠত ক’লে তিলক। চেন্নাই পোৱাৰ পাছত ভাৰতীয় খেলুৱৈসকলক ভৱ্য আদৰণি জনোৱা হয়। ভিডিঅ’টোৰ মাজতে বৰুণ চক্ৰৱৰ্তীয়ে কয় যে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ কিয় তেওঁৰ বাবে বিশেষ হ’ব। চক্ৰৱৰ্তীয়ে কয় যে “চেন্নাইত ভাৰতৰ হৈ এইখন মোৰ প্ৰথমখন মেচ হ’ব। গতিকে মই উৎসাহিত কাৰণ মোৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে মেচখন চাবলৈ আহিব।” ইডেন গাৰ্ডেনত তেওঁ ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে পৰিগণিত হয়। উল্লেখ্য যে ইডেন গাৰ্ডেনছ ভাৰতীয় দমনীয় প্ৰদৰ্শনেৰে জয়লাভ কৰিছিল।