অভিনেতা সুশান্তৰ মৃত্যুত শোকস্তব্ধ ক্রীড়া জগত
হতচকিত তেণ্ডুলকাৰ–কুম্বলে–সেৱাগ-হৰভজন-কোহলি
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ বায়’পিকত দুর্দান্ত অভিনয়েৰে উজলি উঠা বলীউডৰ তাৰকা অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ভাৰতীয় ক্রীড়া জগতক৷
প্রতিভাৱান অভিনেতাজনৰ মৃত্যুৰ বাতৰিত হতচকিত হৈ পৰিছে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, ৰবি শাস্ত্রী, বীৰেন্দ্র সেৱাগ, অনিল কুম্বলে, হৰভজন সিং আদিৰ দৰে তাৰকাসকল৷ মুম্বাইস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহননৰ পথ বাছি লোৱাৰ বাতৰি প্রকাশৰ পিছতে টুইটাৰত শচীন তেণ্ডুলকাৰে কয় যে সুশান্তৰ মৃত্যুৰ বাতৰি মই বিশ্বাস কৰিব পৰা নাই৷ তেওঁ অত্যন্ত প্রতিভাশালী অভিনেতা আছিল৷
টীম ইণ্ডিয়াৰ প্রশিক্ষক ৰবি শাস্ত্রীয়েও সুশান্তৰ মৃত্যু অত্যন্ত দুর্ভাগ্যজনক আখ্যা দিছে৷ ইফালে, অধিনায়ক বিৰাট কোহলিয়ে কয় যে সুশান্ত তেওঁৰ এগৰাকী ভাল বন্ধু আছিল৷ সুশান্তৰ মৃত্যু তেওঁ মানি ল’ব পৰা নাই৷ একেদৰে হৰভজন সিঙে টুইটাৰত কৈছে যে সুশান্ত ৰাজপুত আমাৰ মাজত নাই বুলি মই বিশ্বাস কৰিব পৰা নাই৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীক ঈশ্বৰে শক্তি দিয়ক৷
আনহাতে, ইৰফান পাঠানে যুৱ অভিনেতাজনৰ মৃত্যুত শোক প্রকাশ কৰি কয় যে কিছুদিন পূর্বে মই তাজ হোটেল জিমত সুশান্তৰ সৈতে মত–বিনিময় কৰিছিলোঁ৷ কেদাৰনাথ ছবিত কৰা অভিনয়ৰ বাবে তেওঁক মই ভূয়সী প্রশংসা কৰিছিলোঁ৷