নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীর্ঘ ১৫ বছৰৰ পাছত পাকিস্তান ভ্রমণলৈ যাব টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: ঃ অহা বছৰ এছিয়া কাপ অনুষ্ঠিত হ’ব পাকিস্তানত৷ ৫০ অভাৰৰ সেই প্রতিযোগিতাখনত খেলিবলৈ বাবৰ আজমৰ দেশলৈ যাব পাৰে টীম ইণ্ডিয়া৷ উল্লেখ্য যে অন্তিমবাৰ পাকিস্তানলৈ দ্বিপাক্ষিক শৃংখলাত অংশ ল’বৰ বাবে ২০০৬ চনত দেশখনলৈ গৈছিল ভাৰতীয় ক্রিকেট দল৷ ২০০৮ চনত পাকিস্তানত এছিয়া কাপ খেলিছিল ভাৰতে৷ সেইবাৰেই পাকিস্তানত অন্তিমবাৰৰ বাবে ক্রিকেট খেলিবলৈ গৈছিল টীম ইণ্ডিয়া৷ ২০১২ চনৰ পাছত ৰাজনৈতিক কাৰণত দেশ দুখনৰ মাজত দ্বিপাক্ষিক শৃংখলাও বন্ধ হৈ পৰে৷ বিশ্বকাপ, এছিয়া কাপ, চেম্পিয়নছ ট্রফীৰ দৰে প্রতিযোগিতাত মুখামুখি হৈছে ভাৰত৷ ইপিনে অহা বছৰ এছিয়া কাপ চুবুৰীয়া দেশখনত অনুষ্ঠিত হ’ব বাবেই ভাৰতীয় দলে তাত খেলিবলৈ যোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে এই বিষয়টোক লৈ ক্রিকেট ব’ডৰ ভিতৰচ’ৰাত আলোচনা আৰম্ভ হৈছে৷ কিন্তু ভাৰত চৰকাৰৰ অনুমতি লাভ কৰিলেহে পাকিস্তানত খেলিবৰ বাবে যাব পাৰিব ভাৰতীয় দলটো৷ ইপিনে অহা বছৰ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব৷ সেই বাবে আগতীয়াকৈ পাকিস্তানলৈ গৈ যাতায়াতৰ পথ মুকলি কৰিব বিচাৰে ব’র্ডে৷ এছিয়া কাপ আয়োজন কৰে এছিয়ান ক্রিকেট কাউন্সিলে৷ যাৰ প্রধান দায়িত্বত আছে ভাৰতীয় ব’ডৰ সচিব জয় শ্বাহ৷ উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে নেখেলিলেও ২০২৩ৰ পৰা ২০২৭ চনৰ ভিতৰত ৩৮খন টেষ্ট খেলিব ভাৰতে৷ দলটোৱে ৪২খন এদিনীয়া মেচ আৰু ৬১খন টি–২০ মেচো খেলিব৷

You might also like