থু–ঘামৰ ব্যৱহাৰ নিষিদ্ধই বেটছমেনক সহায় কৰিবঃ ঈশান্ত
নিয়মীয়া বাৰ্তা ১৩ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি বলাৰসকলে বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে থু আৰু ঘাম ব্যৱহাৰত আই চি চিয়ে নিষেধাজ্ঞা জাৰি কৰাত ক্ষুব্ধ হৈছে ভাৰতীয় ক্রিকেট দলটোৰ দুই তাৰকা বলাৰ ঈশান্ত শর্মা আৰু য়ুজবেন্দ্র ছাহাল৷ থু আৰু ঘামৰ ব্যৱহাৰত নিষেধাজ্ঞা সন্দর্ভত তাৰকা পেচ বলাৰ ঈশান্ত শর্মাই কয় যে পাঁচদিনীয়া টেষ্ট মেচত বল ছুইং কৰাৰ বাবে পেচবলাৰসকলে থু অথবা ঘাম ব্যৱহাৰ কৰে৷ যদি এনেকুৱা কৰা নহয়, তেতিয়াহ’লে বলটো ছুইং নহ’ব আৰু ইয়াৰ ফলত বেটছমেনসকল অধিক লাভৱান হ’ব৷ বেটছমেনক আউট কৰাৰ বাবে বলাৰসকলে হাবাথুৰি খাব লাগিব বুলি ব্যক্ত কৰি ঈশান্ত শর্মাই লগতে কয় যে বর্তমান অতি সাৱধানতাৰে বেটছমেনসকলৰ বিৰুদ্ধে বলাৰসকলে বলিং কৰিব লাগিব৷ ইফালে, ঈশান্ত শর্মাৰ মতামতক সমর্থন আগবঢ়াই তাৰকা স্পিন বলাৰ য়ুজবেন্দ্র ছাহালেও কয় যে পেচবলাৰৰ লগতে স্পিনাৰেও বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে থু অথবা ঘাম ব্যৱহাৰ কৰে আৰু ইয়াৰ ফলত বলাৰসকলে বহু পৰিমাণে সফলতাও লাভ কৰে৷ আই চি চিয়ে থু আৰু ঘাম নিষিদ্ধ কৰাৰ পিছত যেতিয়া পুনৰ ক্রিকেট আৰম্ভ হ’ব তেতিয়া বলাৰসকল সমস্যাত পৰাটো খাটাং আৰু ইয়াৰ সমাধান আই চি চিয়ে অচিৰেই উলিওৱাটো উচিত বুলি ছাহালে মন্তব্য কৰে৷