নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লে’অফৰ পূর্বে জয়ৰ ছন্দলৈ প্রত্যাৱর্তনৰ লক্ষ্য ৰয়েলছৰ

🔹 গুৱাহাটীত আজি ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী নাইট ৰাইডার্ছ

বিশেষ বাৰ্তা, ১৯ মে’ : চলিত ১৭সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অন্তিম দুখন লীগ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে আজি বর্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত হ’ব লগা দ্বিতীয়খন মেচত পইণ্ট তালিকাৰ শীর্ষত থকা কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ উল্লেখ্য যে বর্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে যোৱা চাৰিখন মেচত ক্রমাগত পৰাজয়ৰ সন্মুখীন হৈছে৷ গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ ৰূপে লোৱা ৰয়েলছে বর্ষাপাৰাত খেলা অন্তিম মেচখনত পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ ইতিমধ্যে প্লে’অফলৈ যোগ্যতা অর্জন কৰা ৰয়েলছৰ বাবে আজিৰ মেচখনে প্লে’অফৰ পূর্বে জয়ৰ ছন্দলৈ উভতি অহাৰ অন্তিম সুযোগ৷ সেয়ে আজিৰ মেচখন গুৰুত্বসহকাৰে লৈ ৰয়েলছে গুৱাহাটীত কেকেআৰৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি আহমেদাবাদলৈ প্লে’অফৰ মেচ খেলিবলৈ যোৱাৰ লক্ষ্য লৈছে বুলি কালি সংবাদ মেলত ব্যক্ত কৰে দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই৷ ‘আমি প্লে’অফত স্থান নিশ্চিত কৰাৰ পিছতো জয়ৰ ধাৰাবাহিকতা ধৰি ৰখাৰ চেষ্টা কৰিছিলোঁ৷ কিন্তু চাৰিখন মেচৰ ব্যর্থতাই আমাৰ লক্ষ্যত স্থবিৰতা আনিছে৷ কাইলৈ আমি জয়ৰ ছন্দলৈ প্রত্যাৱর্তন কৰাৰ চেষ্টা কৰিম৷ প্লে’অফ মেচৰ পূর্বে জয়লাভ কৰাটো দলৰ বাবে ইতিবাচক দিশ হ’ব৷ সফলতাই সকলো দলকে এটা নতুন পথ দিয়ে৷ আমি পুৰণি কথা পাহৰি মেচখনৰ বাবে নতুন ৰূপত সাজু হৈছোঁ৷’ এইদৰে ছাংগাকাৰাই ব্যক্ত কৰে৷ ইফালে, যোৱা মেচৰ গুৱাহাটীৰ মন্থৰ উহকেট সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি শ্রীলংকাৰ কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে কয়– ‘আমি উহকেটটো বেয়া বুলি ক’ব নোৱাৰোঁ৷ উভয় দলে একেই সমস্যাৰ সন্মুখীন হৈছিল৷ ঘৰুৱা দলৰূপে আমি সুবিধা পোৱা নাছিলোঁ৷ যদি ১৭০ ৰান কৰিলোঁহেঁতেন, তেন্তে জয়ৰ সুযোগ আছিল৷ মেচখনত আমি ৰণনীতি তথা দল সলনি কৰাৰ বিষয়েও চিন্তা কৰিম৷’ ছাংগাকাৰাই লগতে ব্যক্ত কৰে৷ অৱশ্যে তেওঁ টছত জয় বা পৰাজয় টি–২০ মেচত গুৰুত্বপূর্ণ নহয় বুলি কয়৷ আনহাতে, গুৱাহাটীৰ বতৰে আজিৰ মেচত প্রভাৱ পেলাব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত ছাংগাকাৰাই কয় যে বৰষুণ কাৰো নিয়ন্ত্রণত নাথাকে৷ কিন্তু বাধা আহিলেও মেচখন আয়োজন কৰাৰ সুবিধা পালে, সেয়া তাৎক্ষণিকভাৱে কৰাটোহে সকলোৰে বাবে প্রত্যাহ্বান৷ ইফালে, চলিত ছিজনত ৰয়েলছৰ যুৱ তাৰকা অসম সন্তান ৰিয়ান পৰাগৰ প্রদর্শন তথা ধাৰাবাহিকতা অতুলনীয় বুলি ব্যক্ত কৰি ছাংগাকাৰাই কয়– ‘তেওঁ বহু কষ্ট কৰিছে আৰু প্রতিদানত অনন্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰিয়ানৰ বেটিঙত শক্তি, চমক লগতে দৃঢ়তা আছে৷’ কিন্তু অলৰাউণ্ডাৰ ৰিয়ানে বলিং নকৰা সন্দর্ভত ছাংগাকাৰাই কয় যে কোনো এখন মেচতে দলে মুখ্য বলাৰৰ ব্যর্থতাৰ সন্মুখীন নাই, সেয়েহে দলত থকা অতিৰিক্ত বলাৰক অধিনায়কে ব্যৱহাৰ কৰা নাই৷ ইফালে, ফর্মত থকা অপেনাৰ জ’ছ বাটলাৰৰ অভাৱ দলে স্বাভাৱিকতে অনুভৱ কৰিছে যদিও পৰিস্থিতি অনুসৰি দলে আগুৱাই যাবলৈ সাজু বুলিও ৰয়েলছৰ ক্রিকেট সঞ্চালকজনে ব্যক্ত কৰে৷

You might also like