ভাৰত–পাক মেচৰ আৰু ১৪ হাজাৰ টিকট বিক্রীৰ ব্যৱস্থা ব’ৰ্ডৰ
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : বিশ্বকাপৰ ভাৰত–পাক মেচৰ আৰু ১৪ হাজাৰ টিকট বিক্রী কৰা হ’ব বুলি সদৰী কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷ আগ্রহী দর্শকে অনলাইনত ৮ অক্টোবৰৰ পৰা টিকট ক্রয় কৰিব পাৰিব৷ ১৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনক লৈ ক্রিকেটপ্রেমীসকলৰ আগ্রহ তুংগত আছে৷ প্রায় সকলোৱে মেচখনৰ অন্ততঃ এটা টিকট ক্রয় কৰিব বিচাৰে৷ এনে বিপুল চাহিদাৰ প্রতি লক্ষ্য ৰাখি আৰম্ভণিৰ পৰাই মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আয়োজনৰ পৰিকল্পনা কৰা হৈছে৷ প্রথম পর্যায়ৰ সকলো টিকট মাত্র এঘণ্টাতে বিক্রী হৈ গৈছিল৷ মেচখন উপভোগৰ বাবে বহু পাকিস্তানী নাগৰিকেও ভাৰতৰ ভিছাৰ বাবে আবেদন জনাইছে৷ ফলত বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়ামৰ এখনো আসন খালী নাথাকিব বুলিও ধাৰণা কৰা হৈছে৷ ছেমিফাইনেল অথবা ফাইনেলত ভাৰত–পাকিস্তান মুখামুখি হোৱাৰ সম্ভাৱনা কম৷ সেইবাবে বিশ্বকাপৰ লীগ পর্বৰ এই মেচখনৰ টিকটৰ চাহিদা আকাশলংঘী হৈ পৰিছে৷