এডিলেইডত ক’ৰোনাৰ আতংক, অনিশ্চয়তাত প্রথম টেষ্ট
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয়টো ঢ়ৌৱে আতংকৰ সৃষ্টি কৰিছে অষ্ট্রেলিয়াৰ এডিলেইড চহৰত৷ অহা ১৭ ডিচেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত দিবা–নৈশ প্রথম টেষ্ট আয়োজন কৰিবলৈ সাজু হোৱাৰ সময়তে এডিলেইডত হঠাতে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ ঘটনা বৃদ্ধিয়ে উদ্বিগ্ণ কৰি তুলিছে ক্রিকেট অষ্ট্রেলিয়াক৷
উল্লেখ্য যে ক্রিকেট অষ্ট্রেলিয়াই অহা মাহত এডিলেইড অ’ভেলত প্রায় ২৭ হাজাৰ দর্শকৰ উপস্থিতিত ভাৰত আৰু অষ্ট্রেলিয়াৰ প্রথমখন টেষ্ট অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলাই আছে৷ কিন্তু সোমবাৰৰ দিনটোত চহৰখনত ২১গৰাকীকৈ ব্যক্তি নতুনকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত দক্ষিণ অষ্ট্রেলিয়া চৰকাৰে ৰাজ্যখনত সামাজিক দূৰত্বৰ নীতি–নির্দেশনা পুনৰ এবাৰ জাৰি কৰিবলৈ বাধ্য হৈছে৷ সজাগতামূলক ব্যৱস্থা হিচাপে ক্রিকেট অষ্ট্রেলিয়াই ছাউথ অষ্ট্রেলিয়াৰ পৰা সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰক ছিডনীলৈ স্থানান্তৰ কৰিছে৷
উল্লেখ্য যে আই পি এল খেলি পোনে পোনে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱা ভাৰতীয় খেলুৱৈসকলকো ছিডনীত কোৱাৰেণ্টাইনত ৰখা হৈছে৷ এডিলেইডৰ পৰিস্থিতি উন্নত নহ’লে ক্রিকেট অষ্ট্রেলিয়াই পৰৱর্তী সময়ত প্রথম টেষ্টৰ ভেন্যু হিচাপে ছিডনীক ঘোষণা কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ অৱশ্যে ক্রিকেট অষ্ট্রেলিয়াৰ অন্তৱর্তীকালীন মুখ্য কার্যবাহী বিষয়া নিক হকলিয়ে এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কৈছে যে ক্রিকেট অষ্ট্রেলিয়াই এডিলেইডৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আৰু এডিলেইড অ’ভেলতে প্রথম টেষ্টৰ আয়োজন কৰিব পাৰিব বুলি আশা কৰিছে৷
মন কৰিবলগীয়া যে অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ পূর্বে ভাৰত আৰু অষ্ট্রেলিয়াই তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচ খেলিব৷