আঘাতপ্ৰাপ্ত ৰাজস্থান ৰয়েলছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য
নিউজ ডেস্ক, ১২ মাৰ্চঃ আই পি এল ২০২৫ৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ বাবে এটা বেয়া খবৰ। দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আঘাতপ্ৰাপ্ত হৈছে। দ্ৰাবিড়ৰ ভৰিত আঘাত পোৱা বুলি জানিব পৰা গৈছে। ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজিয়ে নিজেই নিশ্চিত কৰিছে যে দ্ৰাবিড়ে আজি প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব। কিন্তু ছিজন আৰম্ভ হোৱাৰ পূৰ্বে দ্ৰাবিড়ৰ আঘাত ৰাজস্থান দলৰ বাবে এক ডাঙৰ আঘাত। কোৱা হৈছে যে তেওঁ ক্ৰিকেট খেলি থাকোঁতে এই আঘাত পাইছিল। ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনোৱা মতে, “বেংগালুৰুত ক্ৰিকেট খেলি থকাৰ সময়তে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বাঁও ভৰিত আঘাত পাইছিল। তেওঁ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু আজি জয়পুৰত দলৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব।” ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ছবিখনত দ্ৰাবিড়ক বাঁও ভৰিত প্লাষ্টাৰ লগোৱা দেখা গৈছে। ২০২৪ চনৰ টি-২০ বিশ্বকাপত ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকতাত ভাৰতে জয়লাভ কৰিছিল। ইয়াৰ পিছত মেগা নিলামৰ পূৰ্বে দ্ৰাবিড়ক আই পি এল ২০২৫ৰ বাবে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। আগন্তুক ছিজনত দ্ৰাবিড়ে অধিনায়ক সঞ্জু চেমছন আৰু আৰ আৰৰ ক্ৰিকেট সঞ্চালক কুমাৰ ছাংগাকাৰাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা দেখা যাব। উল্লেখ্য যে আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। এই খেলখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ দ্বিতীয়খন মেচ ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে হ’ব। ৰাজস্থান ৰয়েলছে আই পি এল ২০২৪ৰ প্লে অফত প্ৰৱেশ কৰিছিল। ৰাজস্থান কোৱালিফায়াৰ ২ মেচত এছ আৰ এইচৰ হাতত পৰাস্ত হৈছিল। ৰাজস্থানে শেষবাৰৰ বাবে ২০২২ চনত ফাইনেলত প্ৰৱেশ কৰিছিল।