নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিক য়’–য়’ টেষ্টৰ কথা সুধিলে প্রধানমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াত স্থান লাভৰ বাবে বি চি চি আয়ে খেলুৱৈৰ বাবে বাধ্যতামূলক কৰা য়’–য়’ টেষ্টৰ বিষয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি অধিনায়ক বিৰাট কোহলিৰ পৰা জানিব বিচাৰে৷ ফিট ইণ্ডিয়া মুভমেণ্টৰ এবছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এক ভার্চুৱেল মত বিনিময় অনুষ্ঠানত প্রধানমন্ত্রীয়ে টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিৰ সৈতে বার্তালাপ কৰে৷ এই সময়ছোৱাত মোদীয়ে কয় যে শেহতীয়াকৈ তেওঁ য়’–য়’ টেষ্টৰ কথা শুনি আছে, কিন্তু ইয়াৰ বিষয়ে বিশদভাৱে একো নাজানে৷ মোদীৰ এই কথাত কোহলিয়ে হাঁহি হাঁহি কয় যে ফিটনেছৰ দিশৰ পৰা এই টেষ্ট খেলুৱৈসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ৷

টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ মাজত ফিটনেছক লৈ গঢ়ি তোলা সজাগতাৰ বাবে ভাৰতীয় দলটোৱে ফিটনেছৰ দিশত বিশ্বৰ শক্তিশালী দলসমূহক প্রত্যাহ্বান জনাব পৰা হৈছে৷ সফলতাৰ বাবে ফিটনেছ অত্যন্ত আৱশ্যক বুলি উল্লেখ কৰি কোহলিয়ে লগতে কয় যে তেওঁ নিজেও ভাৰতীয় দলত স্থান নিশ্চিত কৰি ৰাখিবলৈ য়’–য়’ টেষ্টৰ সন্মুখীন হয়৷

মন কৰিবলগীয়া যে আই পি এলৰ বাবে সম্প্রতি ইউ এ ইত থকা কোহলিৰ লগতে প্রধানমন্ত্রী মোদীয়ে আজি ভার্চুৱেল মত বিনিময় অনুষ্ঠানত পেৰা অলিম্পিকত স্বর্ণ বিজয়ী দেৱেন্দ্র জাজাৰিয়া আৰু জম্মু–কাশ্মীৰৰ মহিলা ফুটবলাৰ আফচান আছিকৰ সৈতেও বার্তালাপ কৰে৷

You might also like