উত্তৰ–পূর্বাঞ্চলত বর্তমানেও ফুটবলৰ আন্তঃগাঁথনিৰ অভাৱ
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ডিব্রুগড়ত এক বিশেষ অনুষ্ঠানৰ বাবে দেশৰ ফুটবলৰ যাদুকৰ বাইচুং ভূটীয়া উপস্থিত হৈ উত্তৰ–পূর্বাঞ্চলত ফুটবলৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবেই বহু সম্ভাব্য খেলুৱৈৰ আত্মপ্রকাশ ঘটা নাই বুলি সদৰী কৰে৷ ডিব্রুগড়ত ক্রীড়া সামগ্রীৰ এখন বিপণী উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত বাইচুঙে কয় যে ফুটবল খেল বর্তমানে বিশ্বত অতি জনপ্রিয়৷ বিশ্বত ফুটবল খেলৰ এক নিজস্ব গুণ–গৰিমা আছে৷ ফুটবল খেল এতিয়া সমগ্র বিশ্বতে জনপ্রিয় খেলৰূপে পৰিগণিত হৈছে যদিও বর্তমানেও উত্তৰ–পূর্বাঞ্চলত আন্তঃগাঁথনিৰ অভাৱ বুলি মন্তব্য কৰি বাইচুং ভূটীয়াই লগতে কয় যে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অসমৰ ফুটবলৰ ক্ষেত্রত যথেষ্ট সুনাম আছে৷ ডিব্রুগড় আৰু তিনিচুকীয়াতো এসময়ত ফুটবলৰ যথেষ্ট জনপ্রিয়তা আছিল৷
অৱশ্যে ভাৰত চৰকাৰৰ খেল মন্ত্রালয়ে এই দিশত শেহতীয়াকৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ দেশৰ সৰহসংখ্যক দক্ষ খেলুৱৈ গ্রামাঞ্চলৰ বহু ভিতৰৰ পৰা আহে৷ সেইসকলক একোজন ভাল প্রশিক্ষকৰ প্রয়োজন৷ অসমৰ দুলীয়াজানৰ অইল দলটোৱে সর্বভাৰতীয় পর্যায়ৰ ফুটবলত উন্নত প্রদর্শন দাঙি ধৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ অসমৰ গুৱাহাটীৰ বাদে জিলা পর্যায়ত যিমানবিলাক খেলৰ চৰকাৰী বা বেচৰকাৰী প্রতিষ্ঠান আছে, সকলোবিলাকৰ উন্নীতকৰণ নোহোৱাত উদ্বেগ প্রকাশ কৰে বাইচুং ভূটীয়াই৷ ডিব্রুগড়ত স্প’টছ নামৰ শ্ব’ ৰুমটোৰ উদ্বোধন কৰি অর্জুন বঁটাপ্রাপক ভাৰতীয় ফুটবল দলটোৰ প্রাক্তন অধিনায়ক বাইচুং ভূটীয়াই সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ প্রধান ক’চিং চেণ্টাৰসমূহত ১৬, ১৭ আৰু ১৮ বছৰ অনূর্ধ্বৰ প্রতিযোগিতাত উত্তৰ–পূর্বাঞ্চলৰ খেলুৱৈসকলেহে অগ্রাধিকাৰ লাভ কৰি আছে৷