নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ নিদিয়াকৈ বিটিচিত চাকৰিতো বাদেই চৰকাৰী গৃহও নাপায়

ওদালগুৰিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল জনসভা

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ সোতৰে বছৰে বিটিচিৰ শাসন কৰা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ বৰভেটি কঁপাই আজি ওদালগুৰি  জলাত তিনিখনকৈ বিশাল গণসভাত অংশগ্রহণ কৰি বি পি এফ দলক তীব্র সমালোচনাৰে থকা–সৰকা কৰে ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত তথা ভৈৰৱকুণ্ড মণ্ডল সমিতিৰ সহযোগত বিটিচিৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ অন্তর্গত ওদালগুৰিৰ গোল্মা চ’কৰ ৰাস ময়দানত আয়োজিত বিশাল নির্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয়– বিটিচি গঠনৰ হোৱাৰ পাছত অঞ্চলটোৰ সকলো জাতি–জনগোষ্ঠীৰ লোকে সম–ধিকাৰ আৰু সম–উন্নয়নৰ আশাত তিনিবাৰকৈ বি পি এফক শাসনত বহুৱাইছিল আৰু অঞ্চলটোৰ উন্নয়নৰ স্বার্থত ভাৰতীয় জনতা পার্টীয়েও বি পি এফ দলক সহায় কৰি আহিছিল৷ কিন্তু পোন্ধৰ বছৰে অঞ্চলটোত কোনো উন্নয়ন নহ’ল৷ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ আঁচনি বাদ দি বিটিচিয়ে কোনো এখন আঁচনি নিজাববীয়াকৈ গ্রহণ নকৰিলে৷ বিধৱা, দৰিদ্র মহিলাসকলকো কোনো ধৰণৰ সহায় নকৰিলে৷ এতিয়া আমি বিটিচিত অহাৰ পাছত দৰিদ্র–দুখীয়া মহিলাক তেওঁলোকে চহী নকৰিলে অৰুণোদয় আঁচনিৰ ধন নাপাব, স্বয়ম আঁচনি নাপাব, বৃদ্ধ পেন্সন নাপাব বুলি ধমকি দি ভোট ল’বলৈ আৰম্ভ কৰিছে বুলি বি পি এফ বিধায়ক তথা মন্ত্রী ৰিহণ দৈমাৰীকো চোকা সমালোচনা কৰে মন্ত্রী ড০ শর্মাই৷ তেওঁ কয়– আৰে ভাই, যদি ইমানেই দিব পৰা আৰু নাম কাটিব পৰা ক্ষমতা আছে, তেন্তে আজি পোন্ধৰ বছৰে ৰৌতা–ওদালগুৰি পথ কিয় বনাই নিদিলা বুলিও মন্ত্রী ৰিহণ দৈমাৰীক প্রশ্ণ কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ বিটিচিত কেন্দ্র তথা ৰাজ্য চৰকাৰে আবণ্টন দিয়া হাজাৰ কোটি টকাৰ সদ্ব্যৱহাৰ নোহোৱা বুলি উল্লেখ কৰি কেৱল নিজৰ স্বার্থৰ বাবেহে বি পি এফ দলে উক্ত ধন ব্যৱহাৰ কৰি অহাৰ অভিযোগ কৰে মন্ত্রী ড০ শর্মাই৷ বিটিচি অঞ্চলত নির্বাচন অনুষ্ঠিত নকৰাকৈ কেৱল বি পি এফ দলৰ কর্মকর্তাক লৈ গাঁও সমিতি উন্নয়ন পৰিষদ, চমুকৈ ভি চি ডি চি গঠন কৰি চৰকাৰী হিতাধিকাৰী বাছনিৰ নামত সংঘটিত বিভিন্ন অনিয়ম আৰু দুর্নীতিৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– এই ভি চি ডি চি কি, মই আজিলৈ শুনা নাই, অসমৰ সকলো প্রান্তত গাঁও পৰিষদৰ সদস্য এজনৰ বাবেও নির্বাচন অনুষ্ঠিত হয়, কিন্তু বিটিচি অঞ্চলত বিগত পোন্ধৰ বছৰে গাঁও সমিতি উন্নয়ন পৰিষদৰ নির্বাচন অনুষ্ঠিত নকৰাকৈ হাগ্রামা মহিলাৰীয়ে নিজৰ মানুহক ভি চি ডি চিৰ চেয়াৰমেন আৰু সদস্য বনাই চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনিৰ নামতো লুণ্ঠন চলাইছে৷ ঘোচ নিদিয়াকৈ বিটিচিত চাকৰি–বাকৰিটো দূৰৰে কথা, প্রধানমন্ত্রী আৱাসৰ চৰকাৰী গৃহও বিটিচিবাসীয়ে লাভ কৰা নাই বুলি অভিযোগ কৰাৰ লগতে ৰাইজক পাইছে নে নাই, চিঞৰি ক’বলৈ আহ্বান জনায়৷ ড০ শর্মাৰ প্রশ্ণত হাজাৰ হাজাৰ লোকে একেলগে ঘোচ নিদিয়াকৈ একো নাপায় বুলিও চিঞৰা পৰিলক্ষিত হয়৷ বি পি এফ দলক ৰাইজৰ পিঠা খোৱা মেকুৰীৰ লগত তুলনা কৰি যেনেকৈ মেকুৰীক পিঠা ভাগ কৰিবলৈ দিলে মেকুৰীয়ে পিঠা খায়, ঠিক তেনেদৰে কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিটিচি অঞ্চলৰ দুখীয়া ৰাইজৰ বাবে দিয়া চাউলৰ ভাগ কাটি প্রতিমাহে প্রতিটো পৰিয়ালে পাবলগীয়া পঁইত্রিশ কিলোগ্রাম চাউলৰ কাটি কাটি কমকৈ দিয়া বুলিও অভিযোগ কৰে৷

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লগতে বিটিচিবাসীক সম্বোধন কৰি এইবাৰ বিজেপিয়ে সম–উন্নয়ন আৰু সমবিকাশৰ লক্ষ্যৰে বিটিচিত চৰকাৰ গঠন কৰিবলৈ আগবঢ়িছে আৰু পোন্ধৰ বছৰীয়া এন্ধাৰ আঁতৰাই বিটিচিত এতিয়া নতুন দিগন্তৰ সূচনা কৰিব বিচাৰিছে৷ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হয়, তেনেহ’লে বিটিচি অঞ্চলৰ মাটি–বাৰীৰ সমস্য পোন্ধৰ দিনৰ ভিতৰত সমাধান কৰি দিয়াৰ লগতে যোগ্যতাৰ ভিত্তিত কোনো ধৰণৰ উপঢ়ৌকন নিদিয়াকৈ সকলোকে চৰকাৰী চাকৰি লাভৰ সুবিধা প্রদান কৰিব বুলিও উল্লেখ কৰে৷ তেওঁ বি পি এফ দলে টকা পইচা বিলাই আৰু ভোজভাত খুৱাই ভোট নিজৰ পক্ষত ৰাখিবলৈ চেষ্টা কৰিব বুলিও অভিযোগ কৰি বি পি এফ দলে পইচা দিলে ল’বলৈ ৰাইজক আহ্বান জনাই কয়– বি পি এফ দলে নিজৰ ঘৰৰ টকা আনি আপোনালোকক নিদিয়ে, সেয়া আপোনালোকৰেই প্রাপ্য টকা৷ বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি নির্বাচনত বিলাই ভোট লোৱা তেওঁলোকৰ পুৰণি স্বভাৱ৷ কিন্তু ৰাইজ, তেওঁলোকৰ এই প্রলোভনত ভোল গৈ নিজৰ সন্তানৰ ভৱিষ্যতক আৰু অন্ধকাৰলৈ ঠেলি নিদিব৷ এইবাৰ যদি আপোনালোকে এই সুযোগ হেৰুৱায়, তেন্তে অহা পাঁচ বছৰলৈ বিটিচি অঞ্চলত উন্নয়ন নহ’ব, আপোনালোকৰ মাটি–বাৰীৰ সমস্যা, চাকৰি–বাকৰিৰ সমস্যা আৰু পাঁচ বছৰলৈ সমস্যাই হৈ থাকিব আৰু সমবিকাশ আৰু সম–উন্নয়ন সম্ভৱ নহ’ব বুলি উল্লেখ কৰি বিজেপিৰ প্রার্থীক ভোট দি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ কৰিবলৈ ৰাইজক আহ্বান কৰে৷ ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কলিতা আৰু বিজেপি নেত্রী অর্পণা মেধিয়ে আঁত ধৰা ওদালগুৰিৰ নির্বাচনী সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ভাষণ প্রদান কৰি এতিয়াও বিটিচিত কেইবাটাও দলে বিজেপিৰ সৈতে আমাৰ লগত মিত্রতা আছে বুলি ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি কৰি আহিছে৷ কিন্তু বি টি আৰ পৰিষদীয় নির্বাচনত বিজেপিয়ে কোনো দলৰ সৈতে মিত্রতা কৰা নাই বুলি দৃঢ়তাৰে ঘোষণা কৰাৰ লগতে কোনো দলৰ কথাত বিশ্বাস নকৰি বিজেপিৰ প্রার্থীক ভোটদান কৰিবলৈ আহ্বান জনায়৷ সভাত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, প্রাক্তন ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ওদালগুৰি জিলা বিজেপিৰ সভাপতি কার্তিক চন্দ্র বডো আদি কেইবাজনো লোকে ভাষণ প্রদান কৰি বিজেপিৰ প্রার্থীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়৷ ওদালগুৰি জিলাৰ ৰৌতা পৰিষদীয় সমষ্টি অন্তর্গত ধনশ্রীঘাট লক্ষ্মী মন্দিৰ প্রাংগণত এক বিশাল জনসভাত অংশগ্রহণ কৰি হেলিকপ্ঢাৰযোগে ওদালগুৰিৰ জিলা উপায়ুক্ত কার্যালয়ত অৱতৰণ কৰা মন্ত্রী ড০ শর্মাই ওদালগুৰি জিলা উপায়ুক্ত পেৰেড গ্রাউণ্ডৰ পৰা স্কুটী চলাই ওদালগুৰি চহৰ পৰিভ্রমণ কৰি ওদালগুৰিৰ গোল্মা চ’কস্থিত ৰাস ময়দানত উপস্থিত হয়৷ পাঁচ শতাধিক কর্মী–সমর্থকক লগত লৈ বাইক সমদল কৰা মন্ত্রী ড০ শর্মাৰ স্কুটীৰ পিছফালে বহি মন্ত্রীক সংগ দিয়ে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ লগতে ভৈৰৱকুণ্ড সমষ্টিৰ বিজেপি প্রার্থী বিৰদাও বসুমতাৰী আৰু ধনশ্রী সমষ্টিৰ বিজেপি প্রার্থী ৰাধেশ্বৰী বিশ্বাসে৷ মন্ত্রী ড০ শর্মাই স্কুটী চলাই বাইক সমদলত অংশগ্রহণ কৰা দৃশ্য চাই ওদালগুৰি চহৰৰ দুয়োকাষে শ শ লোকে মন্ত্রী ড০ শর্মাক উষ্ম অভিবাদন জ্ঞাপন কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত ওদালগুৰি জিলাৰ মাজবাট আৰু কলাইগাঁৱত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুখন বিশান জনসভা সম্বোধন কৰাৰ পাছতেই সম্পূর্ণ পৰিৱর্তন হৈছে বিটিচিৰ পৰিষদীয় ৰাজনীতি৷ বি পি এফৰ নেতা মন্ত্রী ৰিহণ দৈমাৰীৰ দুর্গ হিচাপে বিবেচিত ওদালগুৰি চহৰত মন্ত্রী ড০ শর্মাৰ সভাত হাজাৰ হাজাৰ লোকৰ স্বতঃস্ফূর্ত উপস্থিতি আৰু ভাষণৰ প্রতিটো বাক্যই ৰাইজৰ মন জয় কৰি হাত চাপৰিয়ে উষ্ম আদৰণি জনোৱা দৃশ্য পৰিলক্ষিত হয়৷

You might also like