নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে সুদৰ্শনা খাউণ্ড-দিগন্ত বৰা-জয়ন্ত তামুলীয়ে

বিশেষ বাৰ্তা, ২১ অক্টোবৰঃ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বেতিয়নী কাকতি গাঁৱৰ বাসিন্দা পংকজ খাউণ্ড আৰু জ্যোতি খাউণ্ডৰ দ্বিতীয়  কণ্যা সুদৰ্শনা খাউণ্ডে গোলাঘাট মাৰ্শাল আৰ্ট একাডেমীৰ অধীনৰ বেতিয়নী শাখাৰ পৰা অংশগ্রহণ কৰি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দ্বিতীয়সংখ্যক “জু- জিৎসু-২০২৪” প্ৰতিযোগীতাত ৪৮ কেজি শাখাত “ফুল কণ্ট্ৰাক্ট আৰু “নি-ৱাজা”ত প্ৰতিদ্বন্দ্বিতা আগৱঢ়াই দুইটা স্তৰতে সোণৰ পদক বুটলিবলৈ সক্ষম হয়। ইয়াৰ উপৰি সুদৰ্শনাই কামৰূপ (মেট্ৰ) ত অনুষ্ঠিত “কুংফু-ৱুছু” ২০২৪ প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি সোণৰ পদক জিনিবলৈ সক্ষম হৈছে। মুঠ তিনিটা স্বৰ্ণপদক জয় কৰা সুদৰ্শনাই জীৱনত এটা প্ৰতিজ্ঞা দৃঢ়তাৰে বান্ধি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছিল “যেতিয়া অকলে যুঁজিম সৰ্ব শক্তিৰে যুঁজিম, মনৰ জোখাৰে জয় পৰাজয় জুখিম, কেতিয়াবা হাৰিম কেতিয়াবা জিকিম কিন্তু যুঁজিম”। এই প্ৰতিজ্ঞাই হয়তো সুদৰ্শনাৰ সফলতাৰ আঁৰত বহুখিনি অৰিহণা যোগালে। এটি  সাধাৰণ পৰিয়ালৰ সন্তান  সুদৰ্শনাই একে লেথাৰিয়ে তিনিটাকৈ স্বৰ্ণ পদক জয় কৰি বেতিয়নীৰ লগতে গোলাঘাট জিলালৈ যি গৌৰৱ কঢ়িয়াই আনিলে, তাৰ পৰা এটা কথা স্পষ্টকৈ ক’ব পাৰি যে মনৰ প্ৰবল ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ  ফলত সফলতাৰ জখলা বগাই যোৱাত যথেষ্ট সহায়ক হয়। এই ক্ষেত্ৰত সুদৰ্শনা খাউণ্ড যেন সকলোৰে বাবে এক আদৰ্শ। সুদৰ্শনাৰ পিতৃ পংকজ খাউণ্ডে তেওঁৰ ভৰিৰ গুৰুতৰ আঘাতকো নেওচি নিতৌ বিভিন্ন কৰ্মৰ জৰিয়তে উপাৰ্জন কৰি, নিজ সন্তানক বিদ্যালয় তথা মহাবিদ্যালয় শিক্ষাৰ  উপৰি যে আন বিভিন্ন দিশৰ শিক্ষা দিয়াবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে তেখেত প্ৰকৃততে ধন্যবাদৰ পাত্ৰ। গতিকে তেওঁ কৰা সেই কষ্টৰ ফল আজি ভগৱানে যেন তেওঁলোকক প্ৰদান কৰিছে  যাৰ বাবে তেওঁ আজি নিজ কন্যাক লৈ  বহুখিনি সুখ তথা গৌৰৱ অনুভৱ কৰিছে। ইয়াৰ উপৰি বেতিয়নী অঁকা গাঁৱৰ জয়ন্ত তামুলীয়ে গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয়সংখ্যক “জু-জিৎসু -২০২৪” প্ৰতিযোগিতাত পুৰুষৰ ৬৭ কেজি শাখাত “গোলাঘাট মাৰ্শাল আৰ্ট একাডেমী”ৰ অধীনৰ বেতিয়নী শাখাৰ পৰা  প্ৰতিদ্বন্দ্বিতা আগবঢ়াই “নি ৱাজা”ত সোণৰ পদক লাভ কৰি নিজ গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তাৰ সামন্তৰালকৈ বেতিয়নী চাৰিঙীয়া গাঁৱৰ দিগন্ত বৰায়ো ৭৪ কেজি শাখাত “গোলাঘাট মাৰ্শাল আৰ্ট একাডেমী”ৰ অধীনৰ বেতিয়নী শাখাৰ পৰাই গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় “জু-জিৎসু-২০২৪” প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই “নি ৱাযা” ত ৰূপৰ পদক লাভ কৰিবলৈ  সক্ষম হ’য় । বেতিয়নী অঞ্চলৰে তিনিওগৰাকী খেলুৱৈৰ এই  সফলতাক লৈ নিজ নিজ গাঁওবাসীয়ে গৌৰৱবোধ কৰিছে, লগতে সমগ্ৰ বেতিয়নী অঞ্চলবাসীও  গৌৰৱাম্বিত। তেওঁলোকৰ এই সফলতাত সমগ্ৰ গোলাঘাট জিলাবাসীয়ে গৌৰৱবোধ কৰিছে।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like