আজি সমুখসমৰত ভাৰত-অষ্ট্রেলিয়া
নিয়মীয়া বাৰ্ত, ২ ফেব্রুৱাৰীঃ আৰু কিছু সময় পিছতে সমুখসমৰত নামিব ভাৰত-অষ্ট্ৰেলিয়া। ৱেষ্ট ইণ্ডিজত চলি থকা ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজিৰ ছেমিফাইনেলত শক্তিশালী ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
এণ্টিগুৱাৰ কুলিজ ক্রিকেট ষ্টেডিয়ামত হব লগা মেচখনত কোনে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব তাৰ বাবে অনুৰাগীয়ে বাট চাই আছে। বাংলাদেশক পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰা ভাৰতে অষ্ট্রেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্য লৈছে। যদিও অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো ভাৰতৰ বাবে ইমান সহজ নহব, তথাপি ভাৰতে সৰ্বস্ব উজাৰি খেলিব।
চতুর্থবাৰৰ বাবে ছেমিফাইনেলত অৱতীর্ণ হোৱা ভাৰতীয় দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব অধিনায়ক যশ ধূল, সহঃ অধিনায়ক শ্বেখ ৰছিদ, আৰাধ্য যাদৱ, হর্নুৰ সিং, ৰাজ বাৱাৰ প্রদর্শনৰ ওপৰত৷
সময়ঃ সন্ধিয়া ৬.৩০ বজা৷