দ্বিতীয় বয়োজ্যেষ্ঠ ভাৰতীয় হিচাপে এদিনীয়াত অভিষেক বৰুণৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ভাৰতৰ এদিনীয়া ক্রিকেটৰ ইতিহাসত দ্বিতীয় বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে অভিষেক ঘটিল বৰুণ চক্রৱর্তীৰ৷ কটকত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়াত ৩৩ বছৰ ১৬৪ দিনত অভিষেক ঘটে বৰুণ চক্রৱর্তীৰ৷ ভাৰতীয় এদিনীয়া দলটোত বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে অভিষেক ঘটাৰ অভিলেখটো আছে ফাৰুক ইঞ্জিনিয়াৰৰ নামত৷ ১৯৭৪ চনত প্রথমখন এদিনীয়া ক্রিকেটত ভাগ লোৱা ভাৰতীয় দলটোত ফাৰুক ইঞ্জিনিয়াৰৰ অভিষেক ঘটাৰ সময়ত বয়স আছিল ৩৬ বছৰ ১৩৮ দিন৷ আনহাতে ভাৰতৰ তৃতীয়জন বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে এদিনীয়াত অভিষেক ঘটিছিল অজিত ৱাডেকাৰৰ৷ ১৯৭৪ চনত ইংলেণ্ডৰ বিপক্ষে লীডছত খেলা এদিনীয়া মেচখনত ভাগ লোৱাৰ সময়ত ৱাডেকাৰৰ বয়স আছিল ৩৩ বছৰ ১০৮ দিন৷