নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদৃঢ় হ’ল দুই মহাৰথীৰ বন্ধুত্বঃ কোহলি–ৰোহিতৰ শীতল যুদ্ধৰ অৱসান

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ সম্পর্ক তিক্ততাপূর্ণ হৈ উঠা বুলি দীর্ঘদিন ধৰি ক্রিকেট মহলত ব্যাপক চর্চা চলি আছিল৷ নেতৃত্বক কেন্দ্র কৰি এই দুই মহাৰথীৰ মাজত সংঘাতৰ সূত্রপাত হোৱা বুলি সঘনাই সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ কিন্তু শেহতীয়াকৈ কোহলি আৰু ৰোহিতৰ শীতল যুদ্ধৰ অৱসান ঘটিছে৷ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীৰ নিৰন্তৰ প্রচেষ্টাৰ ফলত টীম ইণ্ডিয়াৰ অভিজ্ঞ তাৰকা দুগৰাকীৰ বন্ধুত্ব পুনৰ সুদৃঢ় হৈ উঠিছে বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমত এক বাতৰি প্রকাশ পাইছে৷

বি চি চি আইৰ এক নির্ভৰযোগ্য সূত্রৰ উদ্ধৃতিৰে প্রকাশিত বাতৰিটোত কোৱা হৈছে যে মহামাৰী ক’ভিড–১৯ৰ পিছত পুনৰ আৰম্ভ হোৱা আন্তঃৰাষ্ট্রীয় ক্রিকেটত টীম ইণ্ডিয়াই দুটাকৈ বৃহৎ শৃংখলাত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ সমান্তৰালকৈ দলৰ ড্রেছিং ৰুমৰ পৰিৱেশ সলনি হৈছে৷ এই সময়ছোৱাত দীর্ঘদিন ধৰি জৈৱ সুৰক্ষিত বলয়ৰ ভিতৰত আবদ্ধ হৈ থকাৰ বাবে প্রতিগৰাকী খেলুৱৈৰ মাজত পাৰস্পৰিক সম্পর্ক সুদৃঢ় হৈছে আৰু শেহতীয়া শৃংখলাসমূহত ইয়াৰ প্রভাৱ দেখিবলৈ পোৱা গৈছে৷

অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ খেলা গুৰুত্বপূর্ণ শৃংখলা দুটাত দলৰ বৃহত্তৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি কোহলি আৰু ৰোহিতে ব্যক্তিগত মনোমালিন্য দূৰ কৰি ইজনে–সিজনক সহায় কৰা বুলিও ৰাষ্ট্রীয় সংবাদ মাধ্যমে দাবী কৰিছে৷ ‘কোহলি আৰু ৰোহিতে ইজনে–সিজনক বুজিবলৈ পূর্বতকৈ অধিক সময় দিছে৷ প্রশিক্ষক ৰবি শাস্ত্রীৰ তত্ত্বাৱধানত তেওঁলোকে প্রতিখন দলীয় বৈঠকত নিজৰ নিজৰ মত ব্যক্ত কৰিছে আৰু খেলপথাৰতো দুয়োজনক অধিক আলোচনাত মিলিত হোৱা দেখা গৈছে৷

শেহতীয়াকৈ দুয়োগৰাকী তাৰকাই একেলগে ইনিংছো মুকলি কৰিছে৷ কোহলি আৰু ৰোহিতৰ ব্যক্তিগত সম্পর্কক লৈ ভাৰতীয় ক্রিকেটত দীর্ঘদিন ধৰি চলি থকা বিবাদৰ এতিয়া অন্ত পৰিছে৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷

You might also like