নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত হৰমনপ্রীত কৌৰ

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: ভাৰতীয় মহিলা টি–২০ দলৰ অধিনায়িকা হৰমনপ্রীত কৌৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আঘাতৰ বাবে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি–২০ শৃংখলাত অংশ নোলোৱা তাৰকাগৰাকীৰ ক’ভিড–১৯ৰ ফলাফল সোমবাৰে পজিটিভ পোৱা গৈছে৷

ভাৰতীয় দলৰ এক সূত্রই আজি সদৰী কৰা অনুসৰি হৰমনপ্রীত কৌৰৰ শৰীৰত ক’ভিড–১৯ৰ মৃদু লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু তেওঁ সম্প্রতি হোম আইছ’লেচনত আছে৷ যোৱা চাৰি দিন ধৰি তেওঁ জ্বৰত আক্রান্ত হৈ থকাৰ বাবে ক’ভিড টেষ্ট কৰিছিল৷

উল্লেখ্য যে শেহতীয়াকৈ হৰমনপ্রীত কৌৰে এদিনীয়া ক্রিকেটত সুন্দৰ বেটিং প্রদর্শনেৰে অর্ধশতক আৰু ৪০ ৰানৰ আকর্ষণীয় ইনিংছ খেলিছিল৷ ভাৰতীয় এদিনীয়া আৰু টি–২০ দলটো প্রায় ১২ মাহৰ বিৰতিত শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ উভতিছে৷

You might also like